তেজপুৰ, ১৬ এপ্ৰিল: শুকুৰবাৰে সন্ধিয়া প্ৰায় সাত বজাত তেজপুৰ চহৰৰ কবৰ খানাৰ সমীপত এক ভয়ানক অগ্নিকাণ্ড সংঘটিত হয় ৷ এই অগ্নিকাণ্ডৰ ফলত নিমিষতে ভস্মীভূত হয় কেইবাটাও আবাস গৃহ ।
স্থানীয় ৰাইজৰ সহযোগত অগ্নি নিৰ্বাপন হয় যদিও পৰৱৰ্তী সময়ত অগ্নি নির্বাপক বাহিনীয়ে অগ্নিকাণ্ড সংঘটিত হোৱা স্থানত এক অভিযান চলায় । উক্ত অগ্নিকাম্ডৰ ফলত অতি ঘন বসতিপূৰ্ণ অঞ্চলটোত কেইবা ঘৰ ব্যক্তিৰ বহু সা-সম্পত্তি ধ্বংসৰ পৰা কথমপি ৰক্ষা পৰে ।
প্ৰাপ্ত তথ্য অনুসৰি, প্ৰায় লক্ষ্যাধিক টকাৰ সম্পত্তি এই অগ্নিকাণ্ডৰ ফলত লোকচান হয় যদিও বৰ্তমানলৈকে অগ্নিৰ সূত্ৰপাত কেনেকৈ হ’ল সেই সম্পৰ্কত কোনো কথা জানিব পৰা হোৱা নাই ।
লগতে পঢ়ক: ক'ভিড সমীক্ষাঃ শনিবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীৰ বৈঠক