ETV Bharat / state

জটিল ৰোগত আক্ৰান্ত শোণিতপুৰৰ এটি ২ মহীয়া শিশু - financial help

জটিল ৰোগত আক্ৰান্ত হৈছে তেজপুৰৰ কৈৱৰ্ত গাঁৱৰ এটি দুমহীয়া শিশু । চিকিৎসাৰ বিনিময়ত ৩ লক্ষাধিক টকাৰ প্ৰয়োজন পৰিয়ালটোক । দিন হাজিৰা কৰা পৰিয়ালটোক প্ৰয়োজন আৰ্থিক সহায়ৰ । ৰাইজৰ ওচৰত সহায় বিচাৰিছে দুৰ্ভগীয়া পৰিয়ালটোৱে ।

জটিল ৰোগত আক্ৰান্ত শোণিতপুৰৰ এটি ২ মহীয়া শিশু

author img

By

Published : Apr 7, 2021, 8:35 PM IST

ৰঙাপৰা,৭ এপ্ৰিল: দুৰাৰোগ্য ৰোগত আক্ৰান্ত শোণিতপুৰ জিলাৰ তেজপুৰৰ এটি শিশু । জন্মৰ মাত্ৰ ২ মাহতেই শিশুটি আক্ৰান্ত হৈছে দুৰাৰোগ্য ৰোগত । ইয়াৰ পিছতে এতিয়া চিন্তাত টোপনি নোহোৱা হৈছে তেজপুৰৰ গৰৈমাৰীৰ কৈৱৰ্ত গাঁৱৰ দুৰ্ভগীয়া পৰিয়ালটোৰ ।

তেজপুৰৰ বহুকেইখন আগশাৰীৰ হাস্পতালত চিকিৎসা কৰি কোনো সুফল নাপাই শিশুটিক ভৰ্তি কৰোৱা হৈছিল গুৱাহাটী মেডিকেল কলেজ হাস্পতালত । কিন্তু মেডিকেল কলেজ কৰ্তৃপক্ষই শিশুটিক ৭ দিনৰ ভিতৰত এটা জটিল অস্ত্ৰোপচাৰৰ বাবে বেংগালুৰুৰ এখন হাস্পতাললৈ যাবলৈ কোৱাত দৰিদ্ৰ পৰিয়ালটোৰ মূৰত সৰগ ভাগি পৰিছে ।

বেংগালুৰুলৈ যাবলৈ পৰিয়ালটোৰ হাতত নাই পৰ্যাপ্ত ধন ৷ ইয়াৰ উপৰিও এই অস্ত্ৰোপচাৰত ব্যয় হ'ব প্ৰায় ৩ লক্ষাধিক টকা । কিন্তু ইমান পৰিমাণৰ ধন যোগাৰ কৰাটো এতিয়া আৰ্থিকভাৱে দুৰ্বল পৰিয়ালটোৰ বাবে তীব্ৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে । সেয়ে সংবাদ মাধ্যমৰ জৰিয়তে দুৰ্ভগীয়া পৰিয়ালটোৱে ৰাইজৰ পৰা সহায় বিচাৰিছে ।

জটিল ৰোগত আক্ৰান্ত শোণিতপুৰৰ এটি ২ মহীয়া শিশু

সদাশয় লোকৰ অলপ সহায়ে ২ মহীয়া দেৱশিশুটিৰ মুখলৈ পুনৰ হাঁহি ঘুৰাই আনিব পাৰে । তাৰ বাবে পৰিয়ালটোৱে প্ৰকাশ কৰিছে এটি যোগাযোগ নম্বৰ, সেয়া হৈছে- ৮১৩৩৯৯৫৩৪২ । ইচ্ছুক ব্যক্তিয়ে পৰিয়ালটোৰ বেংক একাউণ্টলৈ আৰ্থিক অনুদান আগবঢ়াব পাৰে । শিশুটিৰ মাতৃৰ একাউণ্টৰ সবিশেষ তলত উল্লেখ কৰা হ'ল ৷ একাউণ্টটোৰ গৰাকী হৈছে- প্ৰণালী দাস, একাউণ্ট নম্বৰ: ৩৮৩৩৩৬৬৭১৪৬ ৷ আইএফএচচি কোড হৈছে: SBIN0005783 ৷

লগতে পঢ়ক: থলুৱাৰ সুৰক্ষাৰ কাম চৰকাৰৰ দ্বাৰা হ’ব নালাগে: অজিত কুমাৰ ভূঞা

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.