তেজপুৰ, 7 আগষ্ট: প্ৰত্যেক মানুহৰ নিজস্ব চখ আৰু হেঁপাহ ভিন্ন ভিন্ন ৷ কিন্তু এইবাৰ নিজা চখ পুৰাবলৈ গৈ শলঠেকত পৰিল ধেমাজিৰ এজন যুৱক ৷ আৰক্ষীৰ পোছাক পৰিধান কৰি নিজকে আৰক্ষী সজাই বিভিন্ন ৰাজ্য পৰিদৰ্শন কৰাৰ লগতে ধন দাবী কৰি শলঠেকত পৰিল পংকজ হাজৰিকা নামৰ যুৱকজন (Fake police arrested in Tezpur) ৷
তেজপুৰ পৰুৱা চাৰিআলিত ধৰা পৰিল ভুৱা আৰক্ষী বিষয়া (Fake police arrested) । শনিবাৰে বলীউডৰ চিনেমাৰ দৰে আৰক্ষীৰ পোছাক পিন্ধি গুৱাহাটীৰ পৰা তেজপুৰৰ পৰুৱা চাৰিআলিত উপস্থিত হৈছিল ধেমাজিৰ পংকজ (Fake police Pankaj Hazarika arrested) ৷ বাছৰ পৰা নামি ট্ৰেফিক আৰক্ষীক যান বাহনৰ চেকিঙত সহযোগিতা কৰি লগতে আৰম্ভ কৰিলে জৰিমনা আৰু কৰ্তব্য পালনৰ অভিনয় ৷
কিন্তু পংকজৰ কাৰ্যত সন্দেহ হ’ল তেজপুৰ যান বাহন আৰক্ষী বিষয়াৰ ৷ লগে লগে তেজপুৰ যান বাহনৰ আৰক্ষী বিষয়া আৰু তেজপুৰ মহাভৈৰৱ আৰক্ষী নিবেশৰ কৰ্তব্যৰত বিষয়া গৰাকীক ফোন যোগে কোনো আৰক্ষী পঠিয়াইছে নেকি বুলি সোধাত ওলাই পৰে জোলোঙাৰ মেকুৰী ৷ তেওঁ জানিবলৈ দিয়ে যে কোনো আৰক্ষী বিষয়া তেওঁ পঠিওৱা নাই ৷
লগে লগে তেজপুৰ আৰক্ষীয়ে পংকজক আটক কৰে ৷ ইফালে ৰঙিয়া ৰে’লৱে ষ্টেশ্যনতো আৰক্ষীৰ পোছাকত এনেধৰণৰ ঘটনা সংঘটিত কৰি আহিছে পংকজ হাজৰিকাই ।
পংকজে এই ঘটনা সন্দৰ্ভত কয় যে এইবোৰ কাম নিজৰ চখৰ কাৰণেহে কৰিছিল ৷ তেওঁ বাণিজ্য শাখাত স্নাতক ডিগ্ৰী লাভ কৰিছিল ৷ তাৰ পিছতেই বিভিন্ন সময়ত আৰক্ষীৰ পোছাক পৰিধান কৰি এনেধৰণে বিভিন্ন ঠাইলৈ যায় পংকজ ৷ নিজকে ডুপ্লিকেট আৰক্ষী বুলি মন্তব্য কৰে পংকজে ৷ ধেমাজিত ঘৰ ভুৱা আৰক্ষী পংকজ হাজৰিকাৰ ৷ ইয়াৰ লগতে ধন দাবী কৰা গোচৰো উত্থাপিত হৈছে পংকজৰ বিৰুদ্ধে ৷
লগতে পঢ়ক: Viral video : অভিৰাজৰ কণ্ঠই মন্ত্ৰমুগ্ধ কৰিছে সংগীত প্ৰেমীক