ৰঙাপৰা, 24 ডিচেম্বৰ: পৱিত্ৰ বৰদিনলৈ মাজত মাথো কেইটামান ক্ষণ বাকী । শোণিতপুৰ জিলাৰ ৰঙাপৰাত পৱিত্ৰ বৰদিনৰ ব্যাপক প্ৰস্তুতি অব্যাহত ৰাখিছে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে ৷
এই উপলক্ষে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে ৰঙাপৰাৰ প্ৰতিটো গীৰ্জা ঘৰ আটক ধুনীয়াকৈ সজাই তুলা পৰিলক্ষিত হৈছে । গীৰ্জা সমূহ ফুলৰ থোপা,ছাণ্টাক্লজ, খ্ৰীষ্টমাছ ট্ৰী আৰু আলোক সজ্জাৰে সজাই তুলিছে ভক্তগণে ।
সমান্তৰালভাৱে কেৰলৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে ৰঙাপৰা অঞ্চলৰ প্ৰত্যেকখন গাঁও,চাহ বাগিচাৰ গীৰ্জা ঘৰ সমূহ ৷ তদুপৰি নৃত্য-গীত মাতেৰে বীৰ দিন উদযাপনৰ প্ৰস্তুতি চলাইছে ৰঙাপৰাবাসীয়ে ৷