ETV Bharat / state

Excise raid: ৰঙাপৰাত আবকাৰী বিভাগৰ অভিযানত জব্দ প্ৰায় ৪০ হাজাৰ টকাৰ সুৰা - ৰঙাপৰাত আবকাৰী বিভাগৰ বৃহৎ অভিযান

শোণিতপুৰ জিলাৰ ৰঙাপৰাত আবকাৰী বিভাগৰ বৃহৎ অভিযান (Excise raid at Rangapara)। অভিযানত জব্দ প্ৰায় ৩৫-৪০ হাজাৰ টকাৰ সুৰা আৰু ১০০ লিটাৰ চুলাই মদ ।

Excise raid
ৰঙাপৰাত আবকাৰীৰ অভিযানত জব্দ প্ৰায় ৪০ হাজাৰ টকাৰ সুৰা
author img

By

Published : Dec 17, 2021, 7:36 PM IST

ৰঙাপৰা,১৭ ডিচেম্বৰ : ৰাজ্যত অব্যাহত আছে অবৈধ সুৰাৰ প্ৰচলন । যাৰ বাবে বিভিন্ন প্ৰান্তত আবকাৰী বিভাগে অভিযান চলাইছে । এইবাৰ শোণিতপুৰৰ ৰঙাপৰাত চলিল আবকাৰী বিভাগৰ অভিযান (Excise raid at Rangapara)। শুকুৰবাৰে পুৱাৰে পৰা ৰঙাপৰাৰ দুটাকৈ স্থানত অবৈধ সুৰা, চুলাই মদৰ বিৰুদ্ধে আবকাৰী আৰু আৰক্ষীৰ যুটীয়া অভিযান চলিল ।

ৰঙাপৰা আৰক্ষীৰ সহযোগত আবকাৰী বিভাগৰ উপ-পৰিদৰ্শক জয়ন্ত কুমাৰ চৌধুৰীৰ নেতৃত্বত চলা অভিযানত দোকানৰ ভিতৰৰ পৰা উদ্ধাৰ হ'ল বহু পৰিমাণৰ সুৰাৰ বটল । লগতে উদ্ধাৰ প্ৰায় ১০০ লিটাৰ চুলাই মদ । আবকাৰী বিভাগৰ অজ্ঞাতে ৰঙাপৰাৰ দৈনিক বজাৰৰ ভিতৰত আৰু অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থানলৈ যোৱা পথত একাংশ লোকে সুৰাৰ দোকান দি ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল । যাৰ ফলত চহৰখনৰ সামাজিক পৰিৱেশ বিনষ্ট কৰি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছিল ।

ৰঙাপৰাত আবকাৰী বিভাগৰ অভিযানত জব্দ প্ৰায় ৪০ হাজাৰ টকাৰ সুৰা

ৰঙাপৰাত সৰ্বমুঠ ১১ খন এনে দোকানৰ তলা ভাঙি অভিযান চলাই অভিযানকাৰী দলটোৱে । অভিযানত প্ৰায় ৩৫-৪০ হাজাৰ টকাৰ সুৰা আৰু প্ৰায় ১০০ লিটাৰ চুলাই মদ জব্দ কৰিবলৈ সক্ষম হয় (Illegal liquor seized at Rangapara)।

ইফালে আবকাৰী বিভাগে অভিযান চলোৱাৰ সময়তে সুৰাৰ দোকানসমূহত থকা কাঠৰ ডেক্স-বেঞ্চ, চকী আদি ভাঙি লণ্ড ভণ্ড কৰা হয় । মন কৰিবলগীয়া যে ৰঙাপৰা দৈনিক বজাৰত পৰিত্যক্ত অৱস্থাত থকা ৰেল'ৱে আৱাসিক গৃহৰ ভিতৰতো লুকাই থোৱা অৱস্থাত সুৰাৰ বটল উদ্ধাৰ কৰে আৰক্ষীয়ে ।

লগতে পঢ়ক :Anti drugs mission : হেৰ’ইনসহ তিনিজনক গ্ৰেপ্তাৰ ডিব্ৰুগড় আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.