ETV Bharat / state

Eviction at Rangapara: ৰে’লৱে প্ৰশাসনৰ উচ্ছেদত দিশাহাৰা ৰঙাপৰাৰ 42 জন ব্যৱসায়ী

author img

By

Published : Jul 15, 2022, 10:09 PM IST

শোণিতপুৰ জিলাৰ ৰঙাপৰাত ৰে’লৱে প্ৰশাসনে চলালে উচ্ছেদ অভিযান (Eviction drive at Rangapara)৷ দিশহাৰা হ’ল 42 জনকৈ ব্যৱসায়ী ৷ বিশাল নিৰাপত্তা বাহিনী লগত লৈ ৰে’লৱে বিভাগে এক্সভেটৰেৰে 42 খনকৈ দোকানত উচ্ছেদ চলায় (Railway eviction at Rangapara)।

Railway eviction at Rangapara
Railway eviction at Rangapara

ৰঙাপৰা, 15 জুলাই: শোণিতপুৰ জিলাৰ ৰঙাপৰা ৰেলৱে জংচনৰ সমীপত থকা ৰে’লৱে ভূমিত উচ্ছেদ অভিযান চলালে ৰে’লৱে আৰক্ষীয়ে (Eviction drive at Rangapara)। উন্নয়নৰ দোহাই দি ৰে’লৱে বিভাগে জংচনটোলৈ যোৱা মূল পথচোৱাৰ দুয়োকাষে থকা ব্যৱসায় প্ৰতিষ্ঠানসমূহ উচ্ছেদ কৰাত ব্যৱসায়ী সকলৰ মাজত হাহাকাৰৰ সৃষ্টি হয় । বিশাল নিৰাপত্তা বাহিনী লগত লৈ ৰে’লৱে বিভাগে এক্সভেটৰেৰে 42 খনকৈ দোকানত উচ্ছেদ চলায় (Railway eviction at Rangapara)।

ৰে’লৱে প্ৰশাসনৰ উচ্ছেদত দিশাহাৰা ৰঙাপৰাৰ 42 জন ব্যৱসায়ী

2019 চনত উৰণীয়া সেঁতু নিৰ্মাণৰ নামত জিলা প্ৰশাসনে কেইবাখনো দোকান উচ্ছেদ কৰাৰ পাছত পুনৰ ৰেলৱে বিভাগে দোকান উচ্ছেদ চলোৱাত চহৰখনত ক্ৰমান্বয়ে ব্যৱসায়ৰ পৰিসৰ হ্ৰাস পায় (Rangapara evicton drive)। সৰু পাণ দোকান, চাহ-ভাতৰ হোটেল, কিতাপৰ বিপনী, মোবাইলৰ বিপনী, ফাৰ্মাচী আদি দোকান সমূহত উচ্ছেদ চলোৱাত ব্যৱসায়ীসকলে কেনেদৰে পৰিয়াল পোহপাল দিব তাকে লৈ পুনৰ চিন্তিত হৈ পৰিছে ।

ৰঙাপৰা চহৰত দুবাৰকৈ দোকান সমূহ উচ্ছেদ চলোৱাত বাণিজ্য নগৰীখ্যাত ৰঙাপৰাত সচেতন ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক : Multilevel automated parking: ধোঁৱাচাঙত মহানগৰীৰ বহুখলপীয়া স্বয়ংক্ৰিয় গাড়ী পাৰ্কিং ব্যৱস্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.