তেজপুৰ, ১৪ ফেব্ৰুৱাৰী : ৰাজ্য চৰকাৰৰ উদ্যোগত ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে উচ্ছেদ অভিযান (Eviction drive in Assam ) ৷ আজি শোণিতপুৰ জিলাৰ বুঢ়া চাপৰি বন্য প্ৰাণী অভয়াৰণ্যত প্ৰশাসনে চলায় উচ্ছেদ অভিযান । প্ৰায় ১৮৯২ হেক্টৰ বেদখলকৃত ভূমিত ৰাতিপুৱাৰে পৰা আৰম্ভ হয় এই উচ্ছেদ অভিযান ৷ বৰ্তমান পৰ্যন্ত শান্তিপূৰ্ণ ভাৱে এই উচ্ছেদ অভিযান চলি আছে বুলি জানিবলৈ দিয়ে স্থানীয় সূত্ৰই ।

শোণিতপুৰ জিলাৰ বুঢ়া চাপৰি বন্য প্ৰাণী অভয়াৰণ্যত মুঠ ৫০ খনকৈ জে চি বি আৰু ট্ৰেক্টৰ ব্যৱহাৰ কৰা হৈছে উচ্ছেদ অভিযান চলাই নিবলৈ (Bura Chapori Eviction) ৷ এই উচ্ছেদ ৰাজ্যৰ সকলোতকৈ বৃহৎ উচ্ছেদ অভিযান বুলি চৰকাৰী সূত্ৰই জানিবলৈ দিয়ে । শোণিতপুৰ প্ৰশাসনৰ লগতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মুঠ ১৭০০ আৰক্ষী ,সুৰক্ষা বাহিনীৰ লোক মোতায়েন কৰা হৈছে প্ৰতিবাদস্থলীত ৷ প্ৰায় ১৮৯২ হেক্টৰ বেদখল ভূমিত তিনিদিন পৰ্যন্ত চলিবলগীয়া এই উচ্ছেদ অভিযানৰ প্ৰথম দিনটোত প্ৰশাসনে উচ্ছেদ চলাইছে লংকে তাপো আৰু বেটনি চাপৰিত (Eviction drive in Tezpur Sonitpur Burha Chapori )।

তেজপুৰ সদৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বুঢ়া চাপৰি বন্য প্ৰাণী অভয়াৰণ্যত বসবাস কৰা লোকে প্ৰায় ১০,০০০ বিঘাৰো অধিক ভূমি সংৰক্ষিত বনাঞ্চলৰ ভিতৰত অবৈধ ভাৱে অধিগ্ৰহণ কৰি আছিল বুলি গুৰুত্বপূৰ্ণ তথ্য সদৰি কৰে শোণিতপুৰ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই (DC of Sonitpur)। উপাযুক্তগৰাকীয়ে লগতে জনায় যে সংৰক্ষিত বনাঞ্চলখন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত হোৱাৰ পিছত বৰ্তমান বন্যপ্ৰাণী সংৰক্ষণৰ লগতে পৰ্যটনৰ ক্ষেত্ৰতো চৰকাৰে গুৰুত্ব প্ৰদান কৰি আহিছে (Kaziranga national park)।

বুঢ়া চাপৰি সংৰক্ষিত বনাঞ্চলৰ সৈতে সংলগ্ন হৈ আছে লাওখোৱা সংৰক্ষিত বনাঞ্চল ৷ অৱশ্যে এইখন বনাঞ্চল নগাঁও জিলাৰ অন্তৰ্গত ৷ সম্প্ৰতি শোণিতপুৰ জিলাৰ অন্তৰ্গত বেদখলকৃত অঞ্চলবোৰত বৰ্তমান চৰকাৰে বেদখলমুক্ত কৰি তাত নতুনকৈ বৃক্ষ ৰোপণ কৰাৰ লগতে বনাঞ্চলখনৰ জৈৱ বৈচিত্ৰ্য পুনৰ ঘূৰাই অনাৰ বাবে পৰিকল্পনা যুগুত কৰিছে । জৈৱ বৈচিত্ৰ্যৰে পৰিপূৰ্ণ অভয়াৰণ্যখন ১৯৭৪ চনত সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰাৰ পিছতে শোণিতপুৰ জিলাৰ বন বিভাগৰ অন্তৰ্গত হৈছিল (Eviction in Sonitpur ) ৷

পৰৱৰ্তী সময়ত ১৯৯৫ চনৰ ১১ জুলাইত ৰাজপত্ৰিত এক জাননী যোগে এই বনাঞ্চলক বন্য প্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হয় । কিন্ত ২০১৩ চনৰ ১১ নৱেম্বৰত বন বিভাগে দিয়া আন এক নিৰ্দেশ যোগে অভয়াৰণ্যখন নগাঁও জিলা বন্য প্ৰাণী মণ্ডলৰ অধীনলৈ যায় । কিন্তু এই সমগ্ৰ অঞ্চলটো শোণিতপুৰ জিলাৰ তেজপুৰ সদৰ মহকুমাৰ অন্তৰ্গত তেজপুৰ ৰাজহ চক্ৰৰ অধীনত আৰু তেজপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ।
লগতে পঢ়ক : Mysterious murder in Golaghat: হত্যাকাণ্ড সন্দৰ্ভত কেমেৰাৰ সমুখত অভিযুক্তৰ চাঞ্চল্যকৰ স্বীকাৰোক্তি