তেজপুৰ,৩০ ছেপ্তেম্বৰ : দৰং জিলাৰ ছিপাঝাৰৰ গৰুখুটিত (Garukhuti) প্ৰশাসনে চলোৱা উচ্ছেদ অভিযানৰ পাছতে ৰাজ্যত বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বহুতে অভিযোগ কৰা মতে এতিয়াও বহু কেইখন জিলাত অবৈধ বেদখল অব্যাহত আছে । ইফালে শেহতীয়াকৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাইও (Himanta Biswa Sarma) অবৈধ বেদখলৰ কথা স্বীকাৰ কৰিছে ।
সংবাদমাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল যে শোণিতপুৰ জিলাৰ বৰছলা সমষ্টিৰ শিঙৰীস্থিত ঐতিহ্যমণ্ডিত গুপ্তেশ্বৰ মন্দিৰৰ (Gupteswar Temple) সমীপতো বহু অঞ্চল বেদখলকাৰীৰ কবলত পৰিছে । সত্য প্ৰমাণিত হৈছে মুখ্যমন্ত্ৰীগৰাকীৰ এই ভাষ্য । বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে নগাঁৱৰ লাহৰিঘাট, ধিং সমষ্টি আদিত ভোটাধিকাৰ থকা বহুলোকে ঐতিহ্যমণ্ডিত গুপ্তেশ্বৰ মন্দিৰৰ আশে পাশে ব্ৰহ্মপুত্ৰৰ চাপৰিত অবৈধভাৱে বেদখল কৰিছে ।
এই কথা পোহৰলৈ অহাৰ লগে লগে এতিয়া স্থানীয় ৰাইজে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে । অবৈধ বেদখলকাৰীয়ে গুপ্তেশ্বৰ মন্দিৰৰ ঐতিহ্যত আঘাত হনা কাৰ্যক তীব্ৰ ভাষাৰে সমালোচনা কৰাৰ লগতে বেদখলকাৰীৰ ক্ষেত্ৰত অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ বাবে স্থানীয় ৰাইজে চৰকাৰৰ ওচৰত দাবী জনাইছে ।
লগতে পঢ়ক : ধুবুৰীত ব্ৰাউন চুগাৰসহ এজনক গ্ৰেপ্তাৰ