ETV Bharat / state

ৰঙাপৰাত বিদ্যুতৰ বিলে জ্বলা-কলা খুৱাইছে গ্ৰাহকক

শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ এখন চাহ বাগিচাৰ প্ৰায় প্ৰতিজন গ্ৰাহকলৈ বিদ্যুৎ বিভাগে প্ৰেৰণ কৰিছে হাজাৰ হাজাৰ টকাৰ বিদ্যুৎ মাচুল ৷ বিদ্যুৎ বিভাগৰ এই কাণ্ডত গ্ৰাহকৰ চকু কপালত উঠিছে ।

author img

By

Published : Feb 23, 2020, 11:49 AM IST

Electrcity department sends  bill worth thousand of thousand rupees  Consumer on hue and cry in Rangapara sonitpur assam etv bharat news
বিদ্যুৎ বিভাগৰ কাণ্ড

ৰঙাপৰা,23 ফেব্ৰুৱাৰীঃ শোণিতপুৰত বিদ্যুত বিভাগৰ নাভূত-নাশ্ৰুত কাণ্ড ৷ শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ এখন চাহ বাগিচাৰ প্ৰায় প্ৰতিজন গ্ৰাহকলৈ বিদ্যুৎ বিভাগে প্ৰেৰণ কৰিছে হাজাৰ হাজাৰ টকাৰ বিদ্যুৎ মাচুল ৷ বিদ্যুৎ বিভাগৰ এই কাণ্ডত গ্ৰাহকৰ চকু কপালত উঠিছে ।

বিদ্যুৎ বিভাগৰ কাণ্ড

ঘটনাৰ বিৱৰণী অনুসৰি, বিদ্যুৎ সংযোগ থকা প্ৰায় প্ৰতিগৰাকী গ্ৰাহকলৈ বিভাগটোৱে প্ৰেৰণ কৰিছে তিনিমাহৰ বিদ্যুৎ মাচুল ৷ প্ৰায় 4 মাহ পূৰ্বে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ অধীনষ্ঠ ৰঙাপৰা উপ-সংমণ্ডল কাৰ্যালয়ে কেন্দ্ৰীয় চৰকাৰৰ সৌভাগ্য আঁচনিৰ জৰিয়তে ধেন্দাই চাহ বাগিচাৰ ২২ নং শ্ৰমিক লাইনত বিদ্যুৎ সংযোগ কাৰ্যকৰী কৰিছিল । কিন্তু তিনি মাহ অতিক্ৰম কৰাৰ পাছত ৰঙাপৰা উপ-সংমণ্ডল কাৰ্যালয়ে ৰাইজলৈ হাজাৰ হাজাৰ টকাৰ বিদ্যুৎ মাচুল প্ৰেৰণ কৰাত গ্ৰাহকসকল বিমোৰত পৰে ৷

উল্লেখ্য যে, বিভাগটোৱে ধেন্দাই চাহৰ বাগিচাৰ ২২ নং লাইনৰ নিবাসী মুৰলী ভূঞালৈ ১০,৯৮০ টকা, চাৰসিং ওৰাঙলৈ ১১,৭৮৩ টকা, সীমা ভূঞালৈ ৯,৭৬৭ টকা, যোগিয়া ওৰাঙলৈ ৮,০১৬ টকা, পাওলিনা ওৰাঙলৈ ১০,৬৮২ টকা, সাহচান ভূঞালৈ ৭,২৮৫ টকা, আচিবান প্ৰজালৈ ৬,৩৪৫ টকা, হিৰা ওৰাঙলৈ ৮,৩২১ টকাকে ধৰি কেইবাজনো গ্ৰাহকলৈ ৯১ দিনৰ বিদ্যুৎ মাচুল প্ৰেৰণ কৰে ৷ মাচুলৰ নামত বিভাগটোৱে গ্ৰাহকৰ মুৰত মাধমাৰ শোধোৱা কাৰ্যই সমগ্ৰ চাহ বাগিচাখনতে প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে ৷

লগতে চাওকঃবিজেপিয়ে হাগ্ৰামাক ধ্বংস কৰাটো নিশ্চিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.