হিন্দু ধৰ্মত নৱৰাত্ৰিৰ এক বিশেষ গুৰুত্ব আছে, নৱৰাত্ৰিৰ সময়ত ভক্তসকল দেৱী দুৰ্গাৰ আৰাধনা কৰাৰ লগতে ব্ৰত ৰাখে ৷ নৱৰাত্ৰিৰ প্ৰতিদিনে দেৱী দুৰ্গাৰ ৰূপ পূজা কৰা হয় ৷ নৱৰাত্ৰিৰ পঞ্চম দিনা মা স্কন্দমাতালৈ উচৰ্গা কৰা হৈছে ৷ বিশ্বাস অনুযায়ী স্কন্দমাতাৰ পূজা কৰি সন্তান প্ৰাপ্তিৰ মনোকামনা পূৰ্ণ হয় বুলি কোৱা হয় ৷ ভাগৱত পুৰাণৰ মতে, নৱৰাত্ৰিৰ পঞ্চম দিনা স্কন্দমাতা পূজা কৰিলে জ্ঞান আৰু শুভ ফল পোৱা যায় বুলি মান্যতা আছে ৷
স্কন্দমাতাৰ ৰূপ
শাস্ত্ৰ অনুসৰি স্কন্দমাতাৰ চাৰি ভূজা আছে, মাক দুহাতত পদুম ফুল ধৰি থকা দেখা যায় ৷ স্কন্দ মাতাই এহাতত স্কন্দ অৰ্থাৎ কাৰ্তিক বাল্য ৰূপক ধৰি বিৰাজিত হৈ আছে আৰু মাতাই আনখন হাতেৰে ধনুকাঁড় ধৰি আছে ৷ মা স্কন্দমাতা পদুমৰ আসনত বহি আছে ৷ সেইবাবেই তেওঁক পদ্মাসন দেৱী বুলিও জনা যায় ৷ স্কন্দমাতাৰ বাহন হৈছে সিংহ ৷ সিংহৰ ওপৰত বিৰাজমান পঞ্চম ৰূপৰ মা দুৰ্গাই ভক্তসকলৰ কল্যাণ সাধন কৰে ৷
স্কন্দমাতা পূজা পদ্ধতি আৰু শুভ সময়
পঞ্চাংগৰ মতে, মা স্কন্দমাতাৰ পূজাৰ শুভ সময় পুৱা ৫.৩০ বজাৰ পৰা ১০.৫০ বজালৈ ৷ নৱৰাত্ৰিৰ পঞ্চম দিনা প্ৰথমে গা ধুই প্ৰথমে পৰিষ্কাৰ বস্ত্ৰ পৰিধান কৰা উচিত ৷ ইয়াৰ পিচত গৃহ মন্দিৰ বা পূজাস্থলীৰ এখন থাপনাত স্কন্দমাতাৰ ছবি বা প্ৰতিমূৰ্তি স্থাপন কৰক ৷ গংগাজলেৰে ইয়াৰ শুদ্ধিকৰণ কৰক, তাৰ পিচত এটা কলহত পানী লৈ তাত কিছু মুদ্ৰা দি থাপনাত ৰাখক ৷ এতিয়া মাৰ আৰাধনা কৰক ৷ ইয়াৰ পিছত সেন্দুৰ-কুমকুম লগাই স্কন্দমাতাক নৈবেদ্য আগবঢ়াওক ৷ এতিয়া ধূপ-দীপেৰে মাৰ আৰতি আৰু মন্ত্ৰ জপ কৰক ৷ মা স্কন্দমাতাৰ বগা ৰং খুবেই প্ৰিয় ৷ সেয়েহে ভক্তসকলে বগা বস্ত্ৰ পৰিধান কৰি মাক কল আগবঢ়াব লাগে ৷ বিশ্বাস কৰা হয় যে এনে কৰিলে মায়ে আপোনাক সদায় সুস্থ-সৱল হৈ থাকিবলৈ আশীৰ্বাদ প্ৰদান কৰে ৷
স্কন্দমাতাৰ মন্ত্ৰ
या देवी सर्वभूतेषु मां स्कन्दमाता रूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥
सिंहासनगता नित्यं पद्माञ्चित करद्वया।
शुभदास्तु सदा देवी स्कन्दमाता यशस्विनी॥