তেজপুৰ, 8 এপ্ৰিল : ঘোষণা কৰা হ'ল প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিম সময়সীমা ৷ এক নিৰ্দেশনা যোগে প্ৰচাৰৰ অন্তীম সময়সীমা ঘোষণা ভাৰতৰ নিৰ্বাচন আয়োগৰ ৷ ঘোষণাৰ লগে লগে শোণিতপুৰ জিলাত অহা 11 এপ্ৰিলত প্ৰথম পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ বাবে সকলো ৰাজনৈতিক দল তথা প্ৰাৰ্থীয়ে চলোৱা প্ৰচাৰ কাৰ্য অন্ত পৰিব অহা 9 এপ্ৰিলৰ বিয়লি 5 বজাত ৷
সেই অনুসৰি, সকলো ৰাজনৈতিক দলক তথা প্ৰাৰ্থীক উক্ত নিৰ্দিষ্ট সময়ৰ ভিতৰত প্ৰচাৰ কাৰ্য সমাপ্ত কৰি জিলা প্ৰশাসনৰ প্ৰতি সহযোগিতা আগবঢ়াবলৈ আহবান জনাইছে শোণিতপুৰ জিলা প্ৰশাসনে ৷ ভোটদান প্ৰক্ৰিয়া অন্ত পৰা 48 ঘন্টা পূৰ্বেই প্ৰাৰ্থীসকলৰ সকলো নিৰ্বাচনী প্ৰচাৰ অন্ত পৰাৰ লগে লগে এই সময়চোৱাত কোনো ধৰণৰ নিৰ্বাচন সম্বন্ধীয় বিষয়তে ৰাজহুৱা সভা বা শুভাযাত্ৰা উলিওৱা, অথবা দৃশ্য-শ্ৰব্য মাধ্যমৰ জৰিয়তে ৰাইজক প্ৰদৰ্শন কৰা আদিৰ লগতে বিনোদন কেন্দ্ৰীক কাৰ্যসূচী উদযাপন কৰি ৰাইজক প্ৰভাৱিত কৰাৰ পৰা বিৰত থাকিবলৈ প্ৰতিদ্বন্দ্ৰিতাত অৱত্তীৰ্ণ হোৱা সকলো প্ৰাৰ্থী বা তেওঁলোকৰ সমৰ্থকৰ প্ৰতি আহবান জিলা প্ৰশাসনৰ ৷ এই নীতি উলংঘা কৰিলে আইনৰ সংশ্লিষ্ট ধাৰা অনুসৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে জিলা প্ৰশাসনৰ তৰফৰ পৰা ৷
9 এপ্ৰিলৰ বিয়লি 5 বজাত অন্ত পৰিব প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিম সময়সীমা - নিৰ্বাচন আয়োগ
এক নিৰ্দেশনা যোগে প্ৰচাৰৰ অন্তিম সময়সীমা ঘোষণা কৰিলে দেশৰ নিৰ্বাচন আয়োগৰ ৷ ঘোষণাৰ লগে লগে শোণিতপুৰ জিলাত অহা 11 এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ বাবে সকলো ৰাজনৈতিক দল তথা প্ৰাৰ্থীয়ে চলোৱা প্ৰচাৰ কাৰ্য অন্ত পৰিব অহা 9 এপ্ৰিলৰ বিয়লি 5 বজাত ৷ সেই অনুসৰি, সকলো ৰাজনৈতিক দলক তথা প্ৰাৰ্থীক উক্ত সময়ৰ ভিতৰত প্ৰচাৰ কাৰ্য সমাপ্ত কৰি জিলা প্ৰশাসনক সহযোগিতা আগবঢ়াবলৈ আহবান জনাইছে শোণিতপুৰ জিলা প্ৰশাসনে ৷