ETV Bharat / state

শোণিতপুৰ অভিকেন্দ্ৰৰ পৰা কেইবাটাও ভূমিকম্পৰ জোকাৰণি - imapact in tezpur due to earthquake

শোণিতপুৰ জিলাৰ অভিকেন্দ্ৰৰ পৰা বুধবাৰে পুৱা ৭.৫১ মিনিটত উৎপত্তি হোৱা ভূঁইকপৰ পিছত মুঠ ২০ টাকৈ সৰু-বৰ জোকাৰণি অনুভূত হয় । একে অভিকেন্দ্ৰৰ পৰা বুধবাৰে মাজনিশা ১.২০ বজাত উৎপত্তি হোৱা ভূঁইকপটো আছিল ৪.৬ প্ৰাবল্যৰ । শংকিত হোৱাৰ পৰিৱৰ্তে সজাগ হোৱাৰ আহ্বান জনাইছে বিশেষজ্ঞ তথা বিজ্ঞানীসকলে ।

শোণিতপুৰ অভিকেন্দ্ৰৰ পৰা কেইবাটাও ভূমিকম্পৰ জোকাৰণি

author img

By

Published : Apr 29, 2021, 1:41 PM IST

তেজপুৰ,২৯ এপ্ৰিল: শোণিতপুৰ জিলাৰ হুগ্ৰাজুলিৰ সমীপৰ অভিকেন্দ্ৰৰ পৰা বুধবাৰে পুৱা ৭.৫১ মিনিটত উৎপত্তি হোৱা ভূঁইকপৰ পিছত মুঠ ২০ টাকৈ সৰু বৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হয় । ইফালে প্ৰকৃতিৰ এনে ৰূপ দেখি এতিয়া শংকিত হৈছে জিলাখনৰ ৰাইজ ।

বিভাগীয় সূত্ৰই জনোৱা মতে, শোণিতপুৰ জিলাৰ একে অভিকেন্দ্ৰৰ পৰা নিশা ১.২০ বজাত উৎপত্তি হোৱা ভূঁইকপটো আছিল ৪.৬ প্ৰাবল্যৰ । ইয়াৰ পিছত কেইবাটাও কম্পন অনুভূত হয় আৰু সেইবোৰৰ প্ৰাবল্য আছিল ক্ৰমে ২.৯, ২.৮, ২.৬, ৩.৬ । অৰ্থাৎ মৃদু জোকাৰণি সৃষ্টি হোৱা দেখা যায় । তথাপিও কিন্তু সম্পূৰ্ণ সজাগ হৈ আছিল শোণিতপুৰ জিলাবাসী ।

শোণিতপুৰ অভিকেন্দ্ৰৰ পৰা কেইবাটাও ভূমিকম্পৰ জোকাৰণি
শোণিতপুৰ অভিকেন্দ্ৰৰ পৰা কেইবাটাও ভূমিকম্পৰ জোকাৰণি

আনহাতে, একাংশ সামাজিক মাধ্যমত প্ৰকাশ পোৱা দেখা গৈছে য'ত কোৱা হৈছে যে ৩০ এপ্ৰিলৰ পৰা ৫ মে'লৈ এছিয়াৰ বহু কেইখন ৰাজ্যত ভূমিকম্প অনুভূত হ'ব । কিন্তু এইধৰণৰ খবৰৰ নিৰ্ভৰযোগ্যতা নাই বুলি একাংশই দাবী কৰিছে । লগতে ৰাইজক এই ধৰণৰ উৰা বাতৰিত বিশ্বাস নকৰিবলৈও বহুতে আহ্বান জনাইছে । শংকিত হোৱাৰ পৰিৱৰ্তে সজাগ হোৱাৰ আহ্বান জনাইছে বিশেষজ্ঞ তথা বিজ্ঞানীসকলে ।

লগতে পঢ়ক: সেনাৰ জিম্মাত জীৱন মৰাণ ওৰফে জীৱন অসম

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.