তেজপুৰ, ১৭ ফেব্ৰুৱাৰী : ভূমিকম্পৰ জোকাৰণি! বুধবাৰে সন্ধিয়া এক মৃদু ভূইকঁপে জোকাৰি গ’ল অসমৰ ভিন্ন ঠাই । ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য আছিল ৪.৭ । সন্ধিয়াৰ সময়ত অহা ভূমিকম্পই ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে গুৱাহাটী মহানগৰীকো জোকাৰি যায় ।
সন্ধিয়া ৫ বাজি ৫৪ মিনিট ৪৬ ছেকেণ্ডত অহা এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল শোণিতপুৰ জিলা । ভূগৰ্ভৰ পৰা ১০ কিঃমিঃ গভীৰতাত আছিল এই অভিকেন্দ্ৰ। এই ভূমিকম্পৰ ফলত বিশেষ কোনো ক্ষয়ক্ষতিৰ খবৰ বৰ্তমানলৈকে অহা নাই ৷
লগতে পঢ়ক: ৰাজ্যত ভূমিকম্পৰ জোঁকাৰণি