তেজপুৰ, ৩০ মাৰ্চ : গ্ৰাম্যাঞ্চলৰ পৰা চহৰ অঞ্চললৈ অৰ্থাৎ পথ সংযোগী যোগাযোগ ব্যৱস্থা সুচল কৰাৰ বাবে চৰকাৰে বেটেৰী চালিত ই-ৰিক্সা সেৱাৰ প্ৰচলন কৰা হয় । এই ৰিক্সাৰ জৰিয়তে চহৰত প্ৰদূষণ হ্ৰাস কৰিবলৈ সক্ষম হয় ৷ অৱশ্যে শেহতীয়াকৈ সংস্কৃতিক নগৰী তেজপুৰ চহৰত এই ৰিক্সাই অধিক যান-জঁটৰহে সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে (E rickshaws now becoming a traffic burden in Tezpur)।
এই তিনিটা চকা যুক্ত ই-ৰিক্সা প্ৰথম অৱস্থাত তেজপুৰ চহৰত সীমিত পৰিমাণৰ আছিল যদিও পৰৱৰ্তী সময়ত চহৰখনৰ ৰাজপথত যান বাহনৰ নিয়ন্ত্ৰণ ৰোধ কৰিবলৈ জিলা মটৰ পৰিবহন বিভাগৰ অধীনত আনি পঞ্জীয়নভুক্ত কৰা হয় । বৰ্তমান তেজপুৰ চহৰত পঞ্জীয়নভুক্ত ই-ৰিক্সাৰ সংখ্যা প্ৰায় ৩,৫০০ ৰো অধিক (Over 3500 e rickshaws registered in Tezpur) ৷
ইয়াৰ বিপৰীতে অপঞ্জীয়নকৃত ই-ৰিক্সাৰ সংখ্যা তাতোধিক । চহৰখনৰ ট্ৰেফিক গতিবিধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত যান-বাহনৰ আৰক্ষীৰ নিষ্ক্ৰিয় ভূমিকা আৰু তেজপুৰ চহৰৰ পৌৰ কৰ্তৃপক্ষ বাৰুকৈয়ে বিফল হোৱা দেখিবলৈ পোৱা গৈছে বুলি অভিযোগ উত্থাপন কৰিছে তেজপুৰৰ একাংশ সচেতন মহলে (Traffic burden in Tezpur)।
বিগত বছৰৰ শেষৰ ফালে অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ নেতৃত্বত তেজপুৰত শোণিতপুৰ জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ লগত যানবাহন নিয়ন্ত্ৰণ কৰিবলৈ এই বিষয়ে আলোচনাত মিলিত হৈছিল ৷ তেজপুৰ চহৰৰ এই সমস্যাটো সমাধান কৰাৰ বাবে ব্যৱস্থা লোৱাৰ বাবে সংবাদ মাধ্যমক আহ্বানো জনাইছিল ৷ কিন্তু এই ঘোষণাৰ তিনিমাহ অতিক্ৰম কৰাৰ পিচতো আৰক্ষী, পৌৰসভা কিম্বা জিলা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল ।
একাংশ তেজপুৰবাসীৰ অভিযোগ, জিলা পৰিবহন বিভাগে কেৱল যোৱা তিনিমাহ ধৰি একমাত্ৰ জিলাখনৰ বাৰ্ষিক ৰাজহ সংগ্ৰহ কৰাতেই ব্যস্ত থাকিল । অনিয়ন্ত্ৰিত তেজপুৰ চহৰৰ যান-জঁটৰ বাবে বহু সময়ত পদপথৰ দাঁতিত থকা ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহক জগৰীয়া কৰি বন্ধ কৰিছিল । কিন্তু ইমানৰ পাচতো কোনো পৰিৱৰ্তন হোৱাহে পৰিলক্ষিত নহ’ল ৷
উল্লেখ্য যে, ৯০ দশকৰ শেষৰফালে ভাৰতবৰ্ষত এই ই-ৰিক্সাৰ প্ৰচলন আৰম্ভ হয় ৷ পৰৱৰ্তী সময়ত ২০১১ চনৰ পৰা সমগ্ৰ ভাৰতবৰ্ষৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যত ব্যাপক হাৰত এই ই-ৰিক্সা প্ৰচলন হোৱা দেখা যায় । একেলগে ছয়জন যাত্ৰী কঢ়িয়াই নিব পৰা এই ৰিক্সাত এতিয়া ৮-১০ জন যাত্ৰী কঢ়িয়াই নিয়ে তেজপুৰ চহৰত ৷
ফলস্বৰূপে বহুতো দুৰ্ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে । তেজপুৰ পৌৰসভাৰ অন্তৰ্গত এলেকাত এই যান বাহনৰ নিয়ন্ত্ৰণ কৰিবলৈ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰো অভিযোগ উত্থাপিত হৈছে ।
লগতে পঢ়ক : Bank Holiday on Ramnavami : কোন কোন চহৰত বন্ধ বেংক ?