ETV Bharat / state

তেজপুৰত ই-ৰিক্সা আৰু টেম্প'ৰ দৌৰাত্ম্য ! - মটৰ পৰিবহন বিভাগ

চহৰ খনৰ প্ৰত্যেকটো পথ-উপপথত এতিয়া ই ৰিক্সা আৰু টেম্প'ৰ পৰা অন্য যানবাহন চলাচল কৰাটো কঠিন হৈ পৰিছে ৷

তেজপুৰত ই-ৰিক্সা আৰু টেম্প'ৰ দৌৰাত্ম্য !
author img

By

Published : May 14, 2019, 12:43 PM IST

তেজপুৰ, 14 মে': তেজপুৰত জধে মধে বৃদ্ধি পাইছে ই ৰিক্সা আৰু টেম্প'ৰ দৌৰাত্ম্য ৷ চহৰ খনৰ প্ৰত্যেকটো পথ-উপপথত এতিয়া ই ৰিক্সা আৰু টেম্প'ৰ পৰা অন্য যানবাহন চলাচল কৰাটো কঠিন হৈ পৰিছে ৷ এই সন্দৰ্ভত জিলা প্ৰশাসন অথবা মটৰ পৰিবহন বিভাগৰ কোনো হস্তক্ষেপ নোহোৱাৰ অভিযোগ ৷

ETV BHARAT ASSAM
তেজপুৰত ই-ৰিক্সা আৰু টেম্প'ৰ দৌৰাত্ম্য !

উল্লেখযোগ্য যে আজিৰ পৰা তিনি বছৰৰ পূৰ্বে এই ই-ৰিক্সাৰ প্ৰভাৱ বিস্তাৰ কৰিছিল ৷ আৰু সেই সময়ত জিলা প্ৰশাসনে এই তিনিটা চকা সংযুক্ত টেম্প সমূহক এক নিৰ্ধাৰিত পৰিসৰত ৰাখিবলৈ প্ৰচেষ্টা চলাইছিল যদিও, সময়ৰ লগে লগে সিও ফুটুকাৰ ফেনত পৰিণত হয় ৷ জিলা পৰিবহন বিভাগে যোৱা দুই বছৰৰ ভিতৰত সীমাহীন এই বাহনৰ অনুজ্ঞা পত্ৰ দিয়াৰ ফলত এতিয়া সাধাৰণ লোকৰ মাজত এক অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি হয় ৷ ইতিমধ্যে চহৰ খনৰ অতি কম পৰিসৰৰ পথ সমূহত যানবাহন আৰক্ষীৰ কোনো নিয়ন্ত্ৰণ নথকাৰ অভিযোগ উঠিছে ৷ ফলত ৰোগীক অনা নিয়া কৰা তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ৰপথটোৰ বাবে এক ভাবুকি কঢ়িয়াই আনিছে ৷ নিতৌ উক্ত প্ৰৱেশ পথত ই ৰিক্সা আৰু টেম্পৰ নিৰ্ধাৰিত পাৰ্কিঙৰ বাবে বন্ধ হৈ পৰে মূল প্ৰৱেশ পথ ৷ আনহাতে কোনো ধৰণৰ সীমা নথকাকৈ আজিও জিলা পৰিবহন বিভাগে এই ধৰণৰ বাহনক অনুজ্ঞা পত্ৰ দি আহিছে । ফলস্বৰূপে জৰুৰী সময়ত কোনো পথে দি পাৰ হব নোৱাৰে সাধাৰণ লোক সকলে ৷

Intro:তেজপুৰ,১৪ মে' :তেজপুৰত জধে মধে বৃদ্ধি পাইছে ই ৰিক্সা আৰু টেম্প ৰ দৌৰাত্ম্য ।জিলা প্ৰশাসনে বা মটৰ পৰিবহন বিভাগৰ নাই কোনো হস্তক্ষেপ ।
তেজপুৰ চহৰৰ প্ৰত্যেক পথ উপপথ ত এতিয়া ই ৰিক্সা আৰু টেম্প ৰ পৰা অন্য জানবাহন চলাচল কৰাটো কঠিন হৈ পৰিছে ।

Body:উল্লেখযোগ্য যে এই ই ৰিক্সাৰ প্ৰভাৱ বিস্তাৰ কৰিছিল আজিৰ পৰা তিনি বছৰ আগতে ।আৰু সেই সময়ত জিলা প্ৰশাসনে এই তিনিটা চকা সংযুক্ত টেম্প সমূহৰ এক নিৰ্ধাৰিত পৰিসৰত ৰাখিবলৈ প্ৰচেষ্টা চলোৱা হৈছিল যদিও কিন্তু সময়ত সিও ফুটুকাৰ ফেনত পৰিণত হল ।পৰিণতিত জিলা পৰিবহন বিভাগে যোৱা দুই বছৰ ৰ ভিতৰত সীমাহীন এই বাহনৰ অনুজ্ঞা পত্ৰ দিয়া ফলত সাধাৰণ লোকৰ মাজত এক অপ্ৰীতিকৰ পৰিবেশ সৃষ্টি হয়।ইতিমধ্যে চহৰ খনৰ অতি কম পৰিসৰৰ পথ সমূহ ত জানবাহন আৰক্ষী ৰ কোনো নিয়ন্ত্ৰণ নথকাত ৰোগীক অনা নিয়া কৰা তেজপুৰ কনকলতা অসামৰিক হাস্পাতাল লৈ পথ তো বাবে এক ভাবুকি কঢ়িয়াই আনিছে ।নিতৌ উক্ত প্ৰৱেশ পথত ই ৰিক্সা আৰু টেম্প ৰ নিৰ্ধাৰিত পাৰ্কিংত বন্ধ হৈ পৰে মূল প্ৰৱেশ পথ ।

Conclusion:আনহাতে কোনো ধৰণৰ সীমা নথকা জিলা পৰিবহন বিভাগে আজিও দি আহিছে এই ধৰণৰ বাহনৰ অনুজ্ঞা পত্ৰ । ফলস্বৰূপে জৰুৰী সময়ত কোনো পথে দি পাৰ হব নোৱাৰে ।

প্ৰণৱ কুমাৰ দাস,
তেজপুৰ।
১৪/৫/১৯
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.