ETV Bharat / state

Durga Puja 2023 : তেজপুৰৰ ভৈৰৱী দেৱালয়ত ৩০ বছৰৰ মূৰত হ’ব ম’হ বলি - Durga Puja 2023

ঐতিহাসিক ভৈৰৱী দেৱালয় মাইথানত ৩০ বছৰৰ বিৰতিৰ পাছত এইবাৰ দুৰ্গা পূজাত ম’হ বলি হ’ব ৷ এইবাৰ নৱমীৰ দিনটোত দুটাকৈ ম’হ বলি দিয়া হ’ব ভৈৰৱী দেৱালয়ত ৷

Durga Puja Preparation at Bhairabi Temple
ভৈৰৱী দেৱালয়ত ৩০ বছৰৰ বিৰতিৰ মূৰত হ’ব ম’হবলি
author img

By ETV Bharat Assamese Team

Published : Oct 19, 2023, 8:32 PM IST

তেজপুৰ, ১৯অক্টোবৰ : শাৰদীয় দুৰ্গোৎসৱক কেন্দ্ৰ কৰি ৰাজ্যজুৰি উখল-মাখল পৰিৱেশ ৷ দুৰ্গা পূজালৈ মাজত মাত্ৰ এটা দিন বাকী থকা অৱস্থাত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে পূজা কমিটি সমূহে ৷ আটকধুনীয়াকৈ সজাই তোলা হৈছে পূজা মণ্ডপ সমূহ ৷ সজাই তোলা হৈছে দুৰ্গা পূজা অনুষ্ঠিত কৰা ৰাজ্যৰ বিভিন্ন মঠ-মন্দিৰ তথা দেৱালয় সমূহ ৷

তেজপুৰৰ ঐতিহাসিক ভৈৰৱী দেৱালয়তো চলিছে দুৰ্গা পূজাৰ ব্যাপক প্ৰস্তুতি ৷ ঐতিহাসিক ভৈৰৱী দেৱালয় মাইথানত ৩০ বছৰৰ বিৰতিৰ পাছত এইবাৰ দুৰ্গা পূজাত ম’হ বলি হ’ব বুলি জানিব পৰা গৈছে ৷ উল্লেখযোগ্য যে, বলি-বিধানৰে পূজা অনুষ্ঠিত হোৱা তেজপুৰৰ এই শক্তিপীঠত দুৰ্গাপূজাৰ সময়ত বহু সংখ্যক পঠা ছাগলী, হাঁহ আৰু পাৰ বলি দিয়া হয় ৷ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ তথা গেৰেকী অঞ্চলত অৱস্থিত এই মাইথান ভৈৰৱী দেৱালয় হিচাবেও পৰিচিত ৷

শতিকা পুৰণি বলি কটা খড়ৰ্গৰে বলি দিয়া হয় এই দেৱালয়ত ৷ দুৰ্গাপূজাত বহু ভক্তৰ সমাগম হোৱা এই দেৱালয়ত পূৰ্বে নৱমীত ম’হ বলি দিয়া হৈছিল যদিও যোৱা ৩০ বছৰে ইয়াত ম’হ বলি বন্ধ হৈ আছিল ৷ কিন্তু এইবাৰ নৱমীৰ দিনটোত দুটাকৈ ম’হ বলি দিয়া হ’ব ভৈৰৱী দেৱালয়ত ৷ বৃহস্পতিবাৰে দেৱালয়ৰ পূজাৰীয়ে এই বিষয়ে সদৰী কৰি লগতে কয় যে,ম’হ বলিৰ বাবে বলিশাল মন্দিৰৰ কিছু নামনিত ব্ৰহ্মপুত্ৰৰ দাঁতিত স্থাপন কৰা হৈছে ৷

উল্লেখযোগ্য যে, জনবিশ্বাস অনুসৰি এই দেৱালয়ত বাণ ৰজাৰ দুহিতা ঊষাই দৈনিক দেৱী শক্তিৰ আৰধনা কৰিছিল ৷ পৰৱৰ্তী সময়ত আহোম ৰাজত্বকালত এই থানখন সংৰক্ষণৰ ব্যৱস্থা কৰা হয় ৷ তেজপুৰৰ বিভিন্ন অঞ্চলৰ ৰাইজক দেৱালয়ৰ বিভিন্ন কামত জড়িত কৰাৰ এক পৰম্পৰাও সুদীৰ্ঘকাল প্ৰচলিত হৈ আহিছে ৷ বৰঠাকুৰ পৰিয়ালৰ তত্বাবধানত থকা এইখন দেৱালয়ৰে তেজপুৰৰ দেউৰী গাঁৱৰো এক ঐতিহাসিক যোগসূত্ৰ আছে ৷

লগতে পঢ়ক : Durga Puja 2023: ডিব্ৰুগড় চহৰৰ পূজা মণ্ডপত প্ৰতিফলিত কৃষকৰ চহা জীৱন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.