ETV Bharat / state

ৰঙাপৰাত বিদ্যুৎ বিভাগে কৰ্তন কৰিলে বি এছ এন এল কাৰ্যালয়ৰ বিদ্যুৎ সংযোগ - Etv Bharat Assam

ৰঙাপৰাত ভাৰত সঞ্চাৰ নিগম লিমিটেডৰ টেলিফোন সেৱা ব্যাহত ৷ বিদ্যুৎ বিভাগে কৰ্তন কৰিলে কাৰ্যালয়ৰ বিদ্যুৎ সংযোগ

ৰঙাপৰাত বিদ্যুৎ বিভাগে কৰ্তন কৰিলে ভাৰত সঞ্চাৰ নিগম লিমিটেডৰ কাৰ্যালয়ৰ বিদ্যুৎ সংযোগ
author img

By

Published : May 31, 2019, 7:07 AM IST

শোণিতপুৰ, 31 মে': শোণিতপুৰ জিলাৰ ৰঙাপৰাত বি এছ এন এল কৰ্তৃপক্ষৰ হেমাহিৰ বাবেই বুধবাৰৰ বিয়লি 5 বজাৰ পৰা ব্যাহত টেলিফোন আৰু ইন্টাৰনেট সেৱা । নিশা অঞ্চলটোত হোৱা প্ৰচণ্ড বৰষুণ আৰু বজ্ৰপাতৰ বাবে টেলিফোন সেৱা ব্যাহত হোৱা বুলি ৰাইজে ধাৰণা কৰিছিল যদিও পাছত ই টিভি ভাৰত অসমৰ তদন্তত পোহৰলৈ আহে প্ৰকৃত ঘটনা । বি এছ এন এলৰ কৰ্তৃপক্ষই বিদ্যুৎ বিভাগক 2 লাখ 37 হেজাৰ 367 টকা বিদ্যুৎ মাচুল পৰিশোধ নকৰাত বিদ্যুৎ বিভাগে বি এচ এন এলৰ বিদ্যুৎ সংযোগ কৰ্তন কৰাৰ পাছতেই অঞ্চলটোত বি এছ এন এল সেৱা ব্যাহত হৈ পৰে ।

ৰঙাপৰাত বিদ্যুৎ বিভাগে কৰ্তন কৰিলে ভাৰত সঞ্চাৰ নিগম লিমিটেডৰ কাৰ্যালয়ৰ বিদ্যুৎ সংযোগ

ৰঙাপৰাত বি এছ এন এল সেৱা ব্যাহত হোৱাত বিত্তীয় প্ৰতিষ্ঠান, ৰেলৱে বিভাগ, গেছ এজেন্সি, অগ্নি নিৰ্বাপক সেৱা, জীৱন বীমা নিগম, ৰঙাপৰা পৌৰসভা, চিকিৎসালয়, ডাকঘৰ, কোষাগাৰ আদিকে ধৰি সকলো চৰকাৰী কাৰ্যালয়ৰ কাম কাজ স্তব্ধ হৈ পৰে । ৰঙাপৰা আৰক্ষী থানাৰ বি এছ এন এলৰ সংযোগ কৰা টেলিফোন লাইন বিকল হোৱাত প্ৰশাসনিক সকলো কাম কাজৰ পৰা বিৰত থাকিবলগীয়া হয় বিষয়া তথা কৰ্মচাৰী । তদুপৰি ৰঙাপৰাত থকা বিএছ এন এল কাৰ্যালয়টোৰ বিষয়াসকলে তেজপুৰত থাকি দায়িত্ব পৰিচালনা কৰে বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । আনহাতে ৰঙাপৰাস্থিত টেলিফোন বিভাগৰ কাৰ্যালয়ত থকা জেনেৰেটৰ দুটা তেল নথকাৰ বাবে বন্ধ হৈ আছে ।

Intro:ৰঙাপৰাত ভাৰত সঞ্চাৰ নিগম লিমিটেডৰ টেলিফোন সেৱা ব্যাহতঃ বিদ্যুৎ বিভাগে কৰ্তন কৰিলে কাৰ্যালয়ৰ বিদ্যুৎ সংযোগ।Body:ৰঙাপৰাঃ শোণিতপুৰ জিলাৰ ৰঙাপৰাত বি এছ এন এল  কৰ্তৃপক্ষৰ চৰম হেমাহিৰ বাবেই কালিৰে পৰা ব্যাহত হল টেলিফোন আৰু ইন্টাৰনেট সেৱা। ৰেল নগৰী হিচাপে খ্যাত ৰঙাপৰাত কালি বিয়লি ৫ বজাৰ পৰাই বি এছ এন এল সেৱা ব্যাহত হৈছে।নিশা অঞ্চলটোত হোৱা প্ৰচণ্ড বৰষুণ আৰু সঘনাই হোৱা বজ্ৰপাতৰ বাবে টেলিফোন সেৱা ব্যাহত হোৱা বুলি ৰাইজে ধাৰণা কৰিছিল যদিও পাছত ই টিভি ভাৰত অসমৰ তদন্তত বিভাগটোৰ ফোপোলা স্বৰূপ তথা প্ৰকৃত ঘটনা পোহৰলৈ আহে। বি এছ এন এলৰ কৰ্তৃপক্ষই বিদ্যুৎ বিভাগক দীৰ্ঘদিনৰ পৰা বিদ্যুৎ মাছুল আদায় দিয়া নাছিল।ইপিনে বিভাগটোৱে ২ লাখ ৩৭ হেজাৰ ৩৬৭ টকা বিদ্যুৎ মাছুল পৰিশোধ নকৰাত বিদ্যুৎ বিভাগে বি এচ এন এলৰ বিদ্যুৎ সংযোগ কৰ্তন কৰাৰ পাছতেই অঞ্চলটোত বি এছ এন এল সেৱা ব্যাহত হৈ পৰে। ৰঙাপৰাত এইদৰে বি এছ এন এল সেৱা ব্যাহত হোৱাত বিত্তীয় প্ৰতিষ্ঠান, ৰেলৱে বিভাগ, গেছ এজেন্সি, অগ্নি নিৰ্বাপক সেৱা, জীৱন বীমা নিগম, ৰঙাপৰা পৌৰসভা, চিকিৎসালয়, ডাকঘৰ, কোষাগাৰ আদিকে ধৰি সকলো চৰকাৰী কাৰ্যালয়ৰ কাম কাজ স্তব্ধ হৈ পৰে। উল্লেখ্য যে ৰঙাপৰা আৰক্ষী থানাৰ বিএছ এন এলৰ সংযোগ কৰা টেলিফোন লাইন বিকল হোৱাত প্ৰশাসনিক সকলো কাম কাজৰ পৰা বিৰত থাকিব লগীয়া হয়। ৰঙাপৰাত থকা বিএছ এন এল কাৰ্যালয়টোৰ বিষয়া সকলে তেজপুৰত থাকি দায়িত্ব পৰিচালনা কৰে বুলি স্থানীয় ৰাইজে অভিযোগ কৰে। ইপিনে, ৰঙাপৰাস্থিত টেলিফোন বিভাগৰ কাৰ্যালয়ত থকা জেনেৰেটৰ দুটা তেল নথকাৰ বাবে বন্ধ হৈ আছে।কেন্দ্রীয় চৰকাৰৰ বিয়াগোম বিভাগৰ ফোপোলা স্বৰূপটো ওলাই পৰিছে।
পংকজ নাথ, ৰঙাপৰা।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.