ETV Bharat / state

Police operation against drugs: শোণিতপুৰত আৰক্ষীৰ জালত ড্ৰাগছসহ ৪জন

অপৰাধী যদি ডালে ডালে, আৰক্ষী পাতে পাতে ৷ অসম আৰক্ষীৰ কঠোৰ স্থিতিৰ পিছতো ৰাজ্যত গোপনে সৰবৰাহ হৈয়ে আছে ড্ৰাগছ ৷ ড্ৰাগছ সৰবৰাহকাৰীয়ে সলনি কৰিছে সৰবৰাহৰ কৌশল ৷ কিন্তু, আৰক্ষীয়ে প্ৰতিদিনেই ৰছিচে নতুন বেহু(Assam Police against drugs) । শেহতীয়াকৈ শোণিতপুৰত আৰক্ষীৰ জালত পৰিছে ৪ টাকৈ ড্ৰাগছ সৰবৰাহকাৰী(Drug peddler arrested in Sonitpur)

author img

By

Published : Jun 3, 2022, 9:47 PM IST

four arrested with drugs in sonitpur
শোণিতপুৰত আৰক্ষীৰ জালত ড্ৰাগছসহ ৪জন

শোণিতপুৰ,৩ জুন: ড্ৰাগছৰ বিৰুদ্ধে কঠোৰতকৈয়ো কঠোৰ অসম আৰক্ষী(Assam Police against drugs) । যদিও নিত্য নতুন কৌশলেৰে ড্ৰাগছ সৰবৰাহকাৰীয়ে ড্ৰাগছৰ সাম্ৰাজ্য চলাই নিয়াৰ চেষ্টা চলাইছে তথাপিও সাৰি যাব পৰা নাই আৰক্ষীৰ শেন চকুৰ আগৰ পৰা । এটা দিনতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বুজন পৰিমাণৰ ড্ৰাগছসহ আৰক্ষীৰ জালত পৰিছে বহুকেইটা সৰবৰাহকাৰী । শেহতীয়াকৈ শোণিতপুৰত আৰক্ষীৰ জালত পৰিল ড্ৰাগছসহ চাৰিটাকৈ সৰবৰাহকাৰী(Drug peddler arrested in Sonitpur) ।

উল্লেখ্য যে, তেজপুৰ সদৰ থানাৰ অন্তৰ্গত কলিয়াভোমোৰা দলঙৰ সমীপত বহুওৱা এক নাকা চেকিঙত নগাঁৱৰ দিশৰ পৰা অহা এখন মটৰ চাইকেলত তালাচী চলাই বুজন পৰিমাণৰ ড্ৰাগছসহ দুটাকৈ সৰবৰাহকাৰীক আটক কৰে । ধৃত দুই সৰবৰাহকাৰী ক্ৰমে দিলদাৰ হুছেইন আৰু হাবিবুৰ ৰহমান বুলি জানিব পৰা গৈছে । সৰবৰাহকাৰী দুটাই ২৮ টা প্লাষ্টিকৰ কন্টেইনাৰত তেজপুৰৰ দিশে আনিছিল নিষিদ্ধ ড্ৰাগছখিনি । ড্ৰাগছৰ লগতে আৰক্ষীয়ে জব্দ কৰে AS12T-7212 নম্বৰৰ মটৰ চাইকেলখন ।

আনহাতে চাৰিদুৱাৰ আৰক্ষীয়েও চলাইছিল ড্ৰাগছ বিৰোধী অভিযান । অভিযানত অৰুণাচল প্ৰদেশৰ চিয়াং জিলাৰ কালীড পাৰ্টিন নামৰ লোকজনৰ AS01AP-1301 নম্বৰৰ ব'লেৰ' বাহনখনৰ পৰা জব্দ কৰে ৬ টাকৈ ড্ৰাগছভৰ্তি কন্টেইনাৰ । পৰৱৰ্তী সময়ত তদন্ত কৰি ইকবাল হুছেইন নামৰ আন এজন লোকৰ বাসগৃহৰ পৰা ৫৬ টা ড্ৰাগছভৰ্তি কন্টেইনাৰ জব্দ কৰাৰ লগতে আটক কৰে লোকজনক ।

দুয়োজন লোকৰ পৰা আৰক্ষীয়ে মুঠ ১৪ গ্ৰাম ড্ৰাগছ উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে । একেটা দিনতে জিলাখনত ৪ টাকৈ ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ হোৱাটোৱে দিনক দিনে যে শোণিতপুৰত ড্ৰাগছৰ প্ৰচলন অবাধ হাৰত বৃদ্ধি পাইছে তাৰ এক ইংগিত বহন কৰিছে । আৰক্ষীয়ে ড্ৰাগছবিৰোধী এই অভিযান আৰু অধিক কঠোৰ হ'ব বুলি মত পোষণ কৰিছে ।

লগতে পঢ়ক: ডিগবৈ-পেঙেৰী সংযোগী পথত বোমাৰ আতংক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.