তেজপুৰ,15 এপ্ৰিলঃ বুধবাৰে পুৱা মেঘালয়ত মৃত্যু হয় কৰ’ণাত আক্ৰন্ত প্ৰথমগৰাকী লোকৰ ৷ মৃত লোকজন ৰাজ্যখনৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত চিকিৎসক হিচাপে কৰ্মৰত হৈ আছিল ৷ এই কথা ব্যক্ত কৰে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই ৷
উল্লেখ্য যে, সোমবাৰে তেখেতৰ দেহত কোভিড-১৯ ৰ উপস্থিতি ধৰা পেলোৱা হৈছিল ৷ চিটি বেথানি হাস্পতালত চিকিৎসাধীন হৈ আছিল চিকিৎসক গৰাকী ৷ চিকিৎসক গৰাকীৰ দেহত কোভিড-১৯ ৰ উপস্থিতি ধৰা পেলোৱাৰ পিছতেই চিকিৎসালয়খন জব্দ কৰাৰ লগতে ৰোগীসকলক কোৱাৰেন্টাইনত ৰখাৰ বাবে নিৰ্দেশ দিয়ে প্ৰশাসনে ৷
লগতে পঢ়ক-চিৰাঙত ৰাজস্থানী অঘৰীৰ দলঃ কৰ'ণা আতংক