ETV Bharat / state

নৈপৰীয়া ৰাইজৰ সংস্কৃতি-জীৱন শৈলী ডিজিটেল মাধ্যমৰ দ্বাৰা সংৰক্ষণৰ ব্যৱস্থা - Digital archive of river project in Tezpur

প্ৰথমবাৰৰ বাবে নদী প্ৰকল্পৰ ডিজিটেল আৰ্কাইভ শুভাৰম্ভ কৰা হৈছে শোণিতপুৰ জিলাৰ তেজপুৰত ৷ সোমবাৰে তেজপুৰৰ জিলা সংগ্ৰহালয়ত নদী প্ৰকল্পৰ ডিজিটেল আৰ্কাইভ মুকলি কৰে জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই ৷

Digital archive of river project in Tezpur
তেজপুৰত নৈপৰীয়া ৰাইজৰ সংস্কৃতি জীৱন শৈলীৰ সম্পৰ্কে ডিজিটেল মাধ্যমৰ দ্বাৰা সংৰক্ষণৰ ব্যৱস্থা
author img

By ETV Bharat Assamese Team

Published : Nov 20, 2023, 7:08 PM IST

তেজপুৰত নৈপৰীয়া ৰাইজৰ সংস্কৃতি জীৱন শৈলীৰ সম্পৰ্কে ডিজিটেল মাধ্যমৰ দ্বাৰা সংৰক্ষণৰ ব্যৱস্থা

তেজপুৰ, 20 নৱেম্বৰ : ৰাজ্যখনৰ ভিতৰতে পোন প্ৰথমবাৰৰ বাবে নদী প্ৰকল্পৰ ডিজিটেল আৰ্কাইভ শুভাৰম্ভ কৰা হৈছে শোণিতপুৰ জিলাৰ তেজপুৰত ৷ সোমবাৰে তেজপুৰৰ জিলা সংগ্ৰহালয়ত নদী প্ৰকল্পৰ ডিজিটেল আৰ্কাইভ মুকলি কৰে জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই । এই ব্যৱস্থাৰ দ্বাৰা নৈপৰীয়া ৰাইজৰ ইতিহাস, সংস্কৃতি আৰু জীৱন শৈলী সম্পৰ্কে ডিজিটেল মাধ্যমেৰে সংৰক্ষণৰ কৰা হ’ব ৷

এই আৰ্কাইভৰ জৰিয়তে নদী সভ্যতাৰ ক্ৰমবিকাশ, একোটা নৈপৰীয়া অঞ্চলৰ ৰাইজৰ সুখ-দুখৰ বিষয় আৰু নদীৰ বুকুত হেৰাই যোৱা গাঁওসমূহৰ কিছু তথ্য সংৰক্ষণৰ চেষ্টা কৰা হৈছে ৷ যাৰ ফলত যি কোনো লোকে দৃশ্য শ্ৰৱ্য মাধ্যমৰে নৈপৰীয়া মানুহৰ জীৱন শৈলী, ইতিহাস আৰু সংস্কৃতিৰ সম্পৰ্কেও জানিব পাৰিব এই আৰ্কাইভৰ জৰিয়তে । এই কথা জানিবলৈ দিছে জিলা সংগ্ৰহালয়ত কৰ্মৰত কৰ্মীয়ে ৷

আনহাতে জিলা সংগ্ৰহালয়ত আৰম্ভ হোৱা নদী প্ৰকল্পৰ ডিজিটেল মাধ্যমত আজি তেজপুৰ কলিবাৰী অঞ্চলৰ সম্পৰ্কে ৰাইজৰ আগত প্ৰদৰ্শন কৰা হয় ৷ ইতিহাস প্ৰসিদ্ধ কালিবাৰী গাঁৱৰ নামৰ সম্পৰ্কে আছে বহু প্ৰচলিত কাহিনী ৷ তাৰ ভিতৰত অন্যতম কাহিনী হ’ল, এটা সময়ত কলি বাই নামৰ এগৰাকী বৃদ্ধা মহিলা আছিল ৷ তেওঁ ব্ৰহ্মপুত্ৰৰ ঘাটত মাছ বিক্ৰী কৰিছিল । আন যিকোনো ঘাটৰ দৰে উক্ত স্থানত ঘন জংঘল আৰু আনফালে আছিল নদী । সময়ৰ লগে লগে উক্ত ঘাটত মানুহে বাসবাস কৰা আৰম্ভ কৰিলে ৷ 1835 চনলৈ ই এখন ব্যস্ত গাঁও হৈ পৰিল । পৰৱৰ্তী সময়ত 1905 চনত গাঁওখনৰ নাম কলিবাৰী ৰাখিলে । তেতিয়াৰ পৰাই কালিবাৰী নামেৰে পৰিচিত হ’ল ৷

ডিজিটেল আৰ্কাইভৰ সন্দৰ্ভত জিলা আয়ুক্তগৰাকীয়ে কয় যে, জিলাখনৰ বিভিন্ন নৈ পৰীয়া ৰাইজৰ জীৱন শৈলী, সংস্কৃতি আৰু গাঁৱৰ নাম উৎপত্তিৰ সম্পৰ্কে সংৰক্ষণ কৰা হ’ব ৷ য’ত সংগ্ৰহালয়লৈ অহা প্ৰতিজন লোকে দৃশ্য শ্ৰৱ্যৰ দ্বাৰা জানিব পাৰিব বহু নজনা কথা ৷

লগতে পঢ়ক:অৰুণাচলত শিলে চূৰ্ণ-বিচূৰ্ণ কৰিলে গাড়ী, থিতাতে নিহত অসমৰ চাৰিগৰাকী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.