ETV Bharat / state

গালৱান কাণ্ডৰ এবছৰ : উত্তৰ-পূৱৰ ভাৰত-চীন সীমান্তত উন্নয়নৰ অগ্ৰগতি - এডভাঞ্চ লেণ্ডিং গ্ৰাউ

গালৱান কাণ্ডৰ ১ বছৰৰ অন্তত উত্তৰ পূৰ্ৱাঞ্চলৰ ভাৰত চীন সীমান্তত কিছু উন্নত হৈছে পৰিস্থিতি । গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশ অনুসৰি পূৰ্বতকৈ অধিক জোৱান মোতায়েন কৰা হৈছে সীমান্তত । ১৭ জুনত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অৰুণাচল প্ৰদেশৰ কিমিন-তুটিং পথ উদ্বোধন কৰিব ।

Development on Indo China border in Northeast
গালৱান কাণ্ডৰ ১ বছৰৰ অন্তত উত্তৰ পূৰ্ৱাঞ্চলৰ ভাৰত চীন সীমান্তত উন্নয়নৰ অগ্ৰগতি
author img

By

Published : Jun 15, 2021, 10:17 PM IST

তেজপুৰ, ১৫ জুন: গালৱান (Galwan) কাণ্ডৰ এটা বছৰ সম্পূৰ্ণ । ভাৰত আৰু চীনৰ সৈন্যৰ মাজত সংঘৰ্ষ হোৱাৰ পাছতে দুয়োখন দেশে বৃহৎ সংখ্যক সৈন্য মোতায়ন কৰিছিল পেংগং হ্ৰদৰ সমীপত । আজিৰ দিনটোতে চীনা সৈন্য বাহিনীৰ আৰু ভাৰতীয় সেনাৰ মাজত হোৱা এই সংঘৰ্ষত ভাৰতীয় সেনাৰ কামাণ্ডাৰকে ধৰি ২০ জন জোৱানে প্ৰাণ হেৰুৱাইছিল ।

প্ৰায় ১৫ লানি জেনেৰেল পৰ্যায়ৰ বৈঠকৰ অন্তত চীনা সৈন্যই নিয়ন্ত্ৰণ ৰেখা(LINE OF CONTROL)ৰ সমীপৰ পৰা যুঁজাৰু টেংক আঁতৰাই নিয়ে । এই সময়ছোৱাত উত্তৰ পূৰ্ৱাঞ্চলৰ ভাৰত-চীন সীমান্তত অৰুণাচল প্ৰদেশৰ ঘাটি সমূহতো ভাৰতীয় সেনাৰ সংখ্যা বৃদ্ধি কৰা হয় ।

অৰুণাচল প্ৰদেশৰ সীমান্তত প্ৰতিৰক্ষা বিভাগৰ উন্নয়ন :

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে (Rajnath Sing) ১৭ জুনত অৰুণাচল প্ৰদেশৰ কিমিন-তুটিং পথ (Kimin Tuting Road) উদ্বোধন কৰিব । সীমান্তৰ একমাত্ৰ চহৰ কিমিন অৰুণাচল প্ৰদেশৰ পাপুম পাৰে জিলাৰ অন্তৰ্গত । অৰুণাচল প্ৰদেশৰ সীমান্তত ই এক উল্লেখনীয় সংযোজন । ২০২০ চনৰ জুন মাহৰ শেষৰ ফালৰ পৰা প্ৰতিৰক্ষা বিভাগে (Defence Ministry) অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্তত অত্যাধিক যুঁজাৰু আহিলা-পাতি সাজু কৰিছে ।

Development on Indo China border in Northeast
পূৰ্বৰ জি অ চি ৰানা প্ৰতাপ কলিতাই অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্তৰ পৰিদৰ্শ

পূৱ প্ৰান্তত সেনাৰ মূল ঘাটিসমূহৰ বাবে উন্নত প্ৰযুক্তিৰে যোগাযোগ ব্যৱস্থা সুচল কৰাৰ বাবে যুদ্ধকালীন প্ৰস্তুতিৰে কাম কৰে । ফলস্বৰূপে ২০২০ চনৰ শেষৰ ফালে সেনাৰ যোগাযোগ ব্যৱস্থা সুগম কৰিবলৈ তিনিখন বিশেষ দলঙৰ নিৰ্মাণ সম্পূৰ্ণ কৰি প্ৰতিৰক্ষা মন্ত্ৰীয়ে ভাৰ্চুৱেল মাধ্যমেৰে দলংকেইখন মুকলি কৰে । হিমালয়ৰ নামনি অংশত অৱস্থিত প্ৰায় সকলো সেনাৰ ঘাটিত অত্যাধিক জোৱান মোতায়ন কৰে ।

গালোৱান ঘাটিৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপৰ পৰা চীনা সৈন্যই আঁতৰাই নিছে যুঁজাৰু টেংক

অৰুণাচল প্ৰদেশৰ সীমান্ত (Arunachal Border) ত প্ৰায় ৫০০ৰো অধিক স্থানীয় লোকক পৰ্টাৰ পদত নিযুক্তি দিয়া হয় । অৰুণাচল প্ৰদেশৰ আঠখন এডভাঞ্চ লেণ্ডিং গ্ৰাউণ্ড সম্পূৰ্ণ কৰা হয় । অত্যাধুনিক চিনুক হেলিকপ্টাৰৰ জৰিয়তে বিভিন্ন সামগ্ৰীৰ দৈনিক প্ৰেৰণ কৰা হয় । আঞ্জাও জিলাৰ কাষেৰে অন্দ্ৰেলালৈ নতুন পথ নিৰ্মাণ কৰা হয় এই সময়ছোৱাত ।

গালৱান কাণ্ডৰ এবছৰ : উত্তৰ-পূৱৰ ভাৰত-চীন সীমান্তত উন্নয়নৰ অগ্ৰগতি

আনহাতে, গৃহ মন্ত্ৰালয় (Home Ministry)ৰ নিৰ্দেশ অনুসৰি অৰ্ধসামৰিক বাহিনীৰ বিশেষকৈ আই টি বি পি(ITBP)ৰ ঘাটিসমূহতো পূৰ্বতকৈ অধিক জোৱানক মোতায়েন কৰে । উল্লেখ্য যে, পেংগং হ্ৰদৰ সমীপত ভাৰতীয় সেনাৰ বাবে এইবাৰ বিশেষ নৌকাৰ ব্যৱস্থা কৰা হৈছে । প্ৰতিৰক্ষা মন্ত্ৰালয় (Defence Ministry)ৰ তৰফৰ পৰা মুঠ ২৯ খন এনে নৌকা প্ৰদান কৰা হৈছে, যাতে বাৰিষাৰ সময়ত আন্তঃৰাষ্ট্ৰীয় সীমাত সেনা বাহিনীৰ লোকে তীক্ষ্ণ দৃষ্টি ৰাখিব পাৰে ।

Development on Indo China border in Northeast
গালৱান কাণ্ডৰ ১ বছৰৰ অন্তত উত্তৰ পূৰ্ৱাঞ্চলৰ ভাৰত চীন সীমান্তত উন্নয়নৰ অগ্ৰগতি

এয়া সেনাবাহিনীৰ বাবে এক নতুন সংযোজন । পূৱ অৰুণাচল প্ৰদেশৰ ৱালঙ (Walong)ৰ পৰা কিবেঠু (Kibethu) সংযোগী একমাত্ৰ সেনা বাহিনীৰ লোকে অধিক ব্যৱহাৰ কৰা এই গুৰুত্বপূৰ্ণ পথটোৰ কাষতে ৱালং এডভাঞ্চ লেণ্ডিং গ্ৰাউণ্ডৰ কাম সম্পূৰ্ণ হৈ উঠিছে । মাত্ৰ ১৫ কিলোমিটাৰ নিলগৰ কিবেঠু সীমান্তত পূৰ্বতকৈ অধিক সেনাৰ মোতায়েন কৰা হয় ।

ইয়াৰ পিছতো, মাত্ৰ এমাহ পূৰ্বে অন্দ্ৰেলাৰ সমীপত ভাৰতৰ ভূমিত চীনৰ এটা দলে পদাৰ্পণ কৰি যোৱাৰ তথ্য স্থানীয় লোকৰ পৰা জানিব পৰা গৈছে । ইফালে, যোৱা ১০ জুনৰ পৰা সীমান্ত অঞ্চলত সেনাৰ গতিবিধি পূৰ্বতকৈ অধিক হোৱা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক:আগন্তুক 22 জুনলৈ নতুন ক’ভিড নীতি ঘোষণা ৰাজ্য চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.