তেজপুৰ,১০ আগষ্ট: পুনৰ ৰাজ্যত আৰম্ভ হৈছে নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ ৷ সোমবাৰে তেজপুৰত সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ নেতৃত্বত প্ৰদৰ্শন কৰা হৈছে মানৱ শৃংখল ৷ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত আৰু কেন্দ্ৰীয় চৰকাৰৰ নতুন উদ্যোগ নীতিৰ বিৰোধিতাৰে এই প্ৰতিবাদী মানৱ শৃংখল প্ৰদৰ্শন কৰে শোণিতপুৰ জিলা আছুৰ কৰ্মকৰ্তাসকলে ৷
কাৰ্যসূচী অনুসৰি তেজপুৰৰ মিছন চাৰিআলিত পথ অৱৰোধ কৰি আছুই সাব্যস্ত কৰে এই প্ৰতিবাদ ৷ উক্ত প্ৰতিবাদৰ সময়ছোৱাত পথ অৱৰোধ কৰা বাবে চহৰখনৰ সদাব্যস্ত মূলপথৰ উপৰিও 15 আৰু ৩৭(এ)নং ৰাষ্ট্ৰীয় ঘাইপথ দুটাৰ লগতে আন বহুকেইটা পথত যান-বাহন আবদ্ধ হৈ স্তব্ধ হৈ পৰে যাতায়াত ব্যৱস্থা ৷
লগতে চাওকঃ যোৰহাট অগ্নিকাণ্ডৰ বুজ ল'লে হিতেন্দ্ৰ নাথ গোস্বামীয়ে