ETV Bharat / state

World Population Day: জনসংখ্যা ৰোধৰ বাবে চৰকাৰক আইন প্ৰণয়নৰ দাবী - Demand for legislation to the government

ক্ৰমবৰ্ধমান গতিত বৃদ্ধি পাইছে দেশত জনসংখ্যা ৷ যাৰ ফলত দেশত সৃষ্টি হৈছে এটাৰ পিছত আন এটা সমস্যা ৷ শীঘ্ৰেই এই জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে চৰকাৰক আইন প্ৰণয়নৰ দাবীৰে তেজপুৰত জনসংখ্যা সমাধান ফাউণ্ডেচনৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ (Protest over growing population control in India) ।

Demand for legislation to the government due to the growing population in India
দেশত ক্ৰমবৰ্ধমান গতিত বৃদ্ধি হোৱা জনসংখ্যাৰ বাবে চৰকাৰক আইন প্ৰণয়নৰ দাবী
author img

By

Published : Jul 11, 2022, 6:24 PM IST

তেজপুৰ, 11 জুলাই : বিশ্ব জনসংখ্যা দিৱস উপলক্ষে সোমবাৰে তেজপুৰত জনসংখ্যা সমাধান ফাউণ্ডেচনে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে(Protest over growing population control in India) । দেশত বৃদ্ধি পোৱা জনসংখ্যা বৰ্তমান ক্ৰমবৰ্ধমানভাৱে বৃদ্ধি হৈ প্ৰায় ১৪০ কোটি হৈছেগৈ । য'ত বসবাসৰ ভূমি সংকুচিত হৈ আহিছে ৷ ৰাষ্ট্ৰত বৰ্ধিত জনসংখ্যাই এটাৰ পিছত আন এটা সমস্যাৰ সৃষ্টি কৰিছে ৷

জনসংখ্যা ৰোধৰ বাবে চৰকাৰক আইন প্ৰণয়নৰ দাবী

যদিহে শীঘ্ৰেই এই জনসংখ্যা নিয়ন্ত্ৰণ কৰিব পৰা নাযায় তেন্তে ভৱিষ্যতে আৰু অধিক সমস্যাৰ সৃষ্টি হ'ব বুলি উল্লেখ কৰে জনসংখ্যা সমাধান ফাউণ্ডেচনে । আগন্তুক শীতকালীন অধিৱেশনত সংসদত এই বিষয়ত এখন বিধেয়ক উত্থাপন কৰি সংসদত এখন আইন প্ৰণয়ন কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক ফাউণ্ডেচনে আহ্বান জনায় ।

উল্লেখ্য যে, ৰাষ্ট্ৰসংঘৰ এক প্ৰতিবেদন অনুসৰি 2023 বৰ্ষত ভাৰতে চীনক অতিক্ৰম কৰি বিশ্বৰ সৰ্বাধিক জনবহুল দেশ হিচাপে পৰিগণিত হ'ব পাৰে । সোমবাৰে প্ৰকাশ পোৱা এই প্ৰতিবেদনত কোৱা হৈছে যে, ২০২২ চনৰ নৱেম্বৰৰ মাজভাগলৈকে বিশ্বৰ জনসংখ্যা আঠশ কোটি হ’ব বুলি অনুমান কৰা হৈছে । ৰাষ্ট্ৰসংঘৰ জনসংখ্যা বিভাগৰ অৰ্থনৈতিক আৰু সামাজিক পৰিক্ৰমা ইউনিটে এই প্ৰতিবেদন প্ৰকাশ কৰিছে ।

১৯৫০ চনৰ পৰা বিশ্বৰ জনসংখ্যা আটাইতকৈ লেহেমীয়া গতিত বৃদ্ধি হৈ আহিছে । ২০২০ৰ পৰা এই গতি এক শতাংশতকৈও কমলৈ নামি আহিছে । ৰাষ্ট্ৰসংঘৰ নতুন প্ৰতিবেদন অনুসৰি ২০৩০ চনত বিশ্বৰ জনসংখ্যা প্ৰায় ৮.৫ বিলিয়ন আৰু ২০৫০ চনত ৯.৭ বিলিয়নলৈ বৃদ্ধি পাব পাৰে ।

প্ৰতিবেদনত কোৱা হৈছে যে 2023 বৰ্ষত ভাৰতে চীনক পিছ পেলাই বিশ্বৰ সৰ্বাধিক জনবহুল দেশ হিচাপে স্থান লাভ কৰিব । 2022 চনত বিশ্বৰ আটাইতকৈ বেছি জনবহুল অঞ্চল দুটা হৈছে পূব আৰু দক্ষিণ-পূব এছিয়া, য’ত ২.৩ বিলিয়ন লোকে বসবাস কৰে । তেওঁলোকে বিশ্বৰ ২৯ শতাংশ জনসংখ্যাক প্ৰতিনিধিত্ব কৰে । মধ্য আৰু দক্ষিণ এছিয়াত ২.১ বিলিয়ন লোক আছে, যিয়ে বিশ্বৰ মুঠ জনসংখ্যাৰ ২৬ শতাংশক প্ৰতিনিধিত্ব কৰে ।

প্ৰতিবেদন অনুসৰি ২০২২ চনত ভাৰতৰ জনসংখ্যা হৈছে ১৪১.২ কোটি, আনহাতে চীনৰ জনসংখ্যা হৈছে ১৪২.৬ কোটি । ২০২৩ চনৰ ভিতৰত চীনক অতিক্ৰম কৰি বিশ্বৰ সৰ্বাধিক জনবহুল দেশ হিচাপে পৰিগণিত হ’বলগীয়া ভাৰতৰ জনসংখ্যা ২০৫০ চনত ১৬৬.৮ কোটি হ’ব বুলি অনুমান কৰা হৈছে ।

লগতে পঢ়ক : Protest in Sivasagar: শিৱসাগৰত সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.