ETV Bharat / state

Sonai Rupai Wildlife Sanctuary: বনকৰ্মীৰ গুলীত নিহত খৰিকটীয়া ! অঞ্চলজুৰি চাঞ্চল্য - Deadbody found in Sonai Rupai Wildlife Sanctuary

মিছামাৰীৰ সোনাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যত চাঞ্চল্যকৰ ঘটনা ৷ বনকৰ্মীৰ গুলিত খৰিকটীয়া নিহত হোৱাৰ সন্দেহ পৰিয়ালৰ লোকৰ ৷ ৰঙাপাৰা আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত (Dead body recovered at Sonai Rupai Wildlife Sanctuary) ৷

Dead body recovered at Sonai Rupai Wildlife Sanctuary
বনকৰ্মীৰ গুলীত খৰিকটীয়া নিহত হোৱাৰ সন্দেহ
author img

By

Published : May 14, 2023, 11:31 AM IST

Updated : May 14, 2023, 1:28 PM IST

বনকৰ্মীৰ গুলীত খৰিকটীয়া নিহত হোৱাৰ সন্দেহ

ৰঙাপৰা, 14 মে’ : শোণিতপুৰ জিলাৰ উত্তৰ দিশত অৱস্থিত সোনাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যত উদ্ধাৰ হৈছে এটা মৃতদেহ । মৃতদেহটো পুুৰ্ণেশ্বৰ স্বৰ্গীয়াৰীৰ বুলি জানিবলৈ পৰা গৈছে ৷ অভয়াৰণ্যখনৰ নিৰাপত্তাৰ দায়িত্বত থকা বনকৰ্মীৰ গুলিত লোকজন নিহত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে (Deadbody found at Sonai Rupai Wildlife Sanctuary) ।

ঘটনাৰ বিৱৰণী অনুসৰি ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত 2 নং উৰহীলগা গাঁৱৰ নিৱাসী পিতৃ হেমৰাম স্বৰ্গীয়াৰীৰ দ্বিতীয় পুত্ৰ পুৰ্ণেশ্বৰ স্বৰ্গীয়াৰী ওৰফে হাবাঙে অন্য দিনাখনৰ দৰে শনিবাৰে পুৱা সোনাই-ৰূপাই অভয়াৰণ্যখনৰ ভিতৰত খৰি কাটিবলৈ গৈছিল । ইয়াৰ পিচতে পুৱা প্ৰায় 9 মান বজাত অঘটনটো সংঘটিত হয় বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে । বন্যপ্ৰাণী অভয়াৰণ্যৰ কলামাটিস্থিত বনাঞ্চলিক কাৰ্যালয়ৰ পৰা প্ৰায় 22 কিলোমিটাৰ নিলগত থকা চাফাপানী বন শিৱিৰত কৰ্তব্যৰত বনকৰ্মীৰ গুলিত হাবাঙে মৃত্যুক সাৱটি লয় বুলি হাবাঙৰ পৰিয়ালৰ লোকে অভিযোগ তুলিছে (Sonai Rupai Wildlife Sanctuary in Sonitpur) ।

সোনাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যখনৰ ভিতৰত অঘটনটো সংঘটিত হোৱাৰ পিচত সোনাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ বনাঞ্চলিক বিষয়া বিভূতি মজুমদাৰ আৰু মিছামাৰী আৰক্ষী থানাৰ এটা আৰক্ষীৰ দলে মৃতদেহটি বিচাৰি অভিযান চলায় । ইফালে ঘটনা সন্দৰ্ভত হাবাঙৰ পত্নীক অৱগত কৰে হাবাঙৰ সৈতে যোৱা আন এজন খৰিকটীয়াই (Rangapara police station) ।

আনহাতে, বনকৰ্মীৰ গুলীত খৰি আনিবলৈ যোৱা পুৰ্ণেশ্বৰ স্বৰ্গীয়াৰীৰ মৃত্যুৰ খবৰ গাঁওখনত বিয়পি পৰাৰ পিছতে চৌদিশে এক শোকাকুল পৰিৱেশে বিৰাজ কৰে । গাঁওখনৰ লোকসকলে বহু সময় ধৰি বিচাৰ-খোচাৰ কৰাৰ অন্তত দুৰ্গম এলেকাৰ পৰা তেজেৰে লুতুৰি পুতুৰি অৱস্থাত পুৰ্ণেশ্বৰ স্বৰ্গীয়াৰীৰ মৃতদেহটো উদ্ধাৰ কৰিবলৈ সমৰ্থ হয় । ইপিনে মৃতদেহটো উৰহীলগা গাঁওখনৰ নিজা বাসগৃহলৈ অনাৰ পিচত হুৱাদুৱাময় পৰিৱেশৰ সৃষ্টি হয় (Allegation against Foresters of Sonai Rupai Wildlife Sanctuary) ।

ইয়াৰ পিচতে ঘটনাস্থলীত উপস্থিত হয় ৰঙাপৰা আৰক্ষীৰ থানাৰ বিষয়া তিলক টেৰং আৰু দিপু বৰা । পুৰ্ণেশ্বৰ স্বৰ্গীয়াৰীৰ জ্যেষ্ঠ ভাতৃ ধৰণী স্বৰ্গীয়াৰীয়ে সংবাদ মাধ্যমৰ আগত এয়া এক হত্যাকাণ্ড হ’ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰে । মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত সকলো তথ্য পোহৰলৈ আহিব বুলি স্বৰ্গীয়াৰীয়ে আশা কৰে ।

খৰিকটীয়া পুৰ্ণেশ্বৰ স্বৰ্গীয়াৰীৰ মৃত্যু কেনেকৈ ঘটিল সেই সন্দৰ্ভত ৰঙাপৰা আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত । উল্লেখনীয় যে, মিছামাৰীৰ সোনাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যখনত থকা মূল্যৱান গছ-গছনি কাটিবলৈ যোৱা একাংশ লোকক বনকৰ্মীসকলে প্ৰায়েই আটক কৰি আহিছে ।

লগতে পঢ়ক : Karnataka elction 2023 : কৰ্ণাটকৰ ৰাইজে নস্যাৎ কৰিছে সাম্প্ৰদায়িক ৰাজনীতি; বিধায়ক আব্দুল বাতিন খন্দকাৰ

Last Updated : May 14, 2023, 1:28 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.