ETV Bharat / state

মিছামাৰীত মৃতদেহ উদ্ধাৰক লৈ সৃষ্টি চাঞ্চল্যৰ - ধানমৰা গাঁও

মিছামাৰী আৰক্ষী থানাৰ অন্তৰ্গত ১ নং ধানমৰা গাঁৱৰ পথাৰত সোমবাৰে বিয়লি প্ৰায় 3.30 বজাত এগৰাকী লোকৰ মৃতদেহ উদ্ধাৰক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ ৷

মিছামাৰীত মৃতদেহ উদ্ধাৰক লৈ সৃষ্টি চাঞ্চল্যৰ

author img

By

Published : Jun 15, 2020, 10:18 PM IST

ৰঙাপৰা, 15 জুনঃ শোণিতপুৰ জিলাৰ মিছামাৰীত মৃতদেহ উদ্ধাৰক লৈ সৃষ্টি চাঞ্চল্যৰ ৷ মিছামাৰী আৰক্ষী থানাৰ অন্তৰ্গত ১ নং ধানমৰা গাঁৱৰ পথাৰত উদ্ধাৰ হৈছে মৃতদেহটো ৷ মৃত ব্যক্তিজন বাবুৰাম তিৰ্কি বুলি জানিব পৰা গৈছে ৷ ৪৫ বছৰীয়া ব্যক্তিজন দেওবাৰৰ পৰাই সন্ধানহীন হৈ আছিল বুলি উল্লেখ কৰে পৰিয়ালৰ লোকে ৷ সোমবাৰে বিয়লি প্ৰায় 3.30 বজাত লোকজনৰ মৃতদেহটো প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে ৷ ৰাইজে ঘটনা সম্পৰ্কে মিছামাৰী আৰক্ষী চকীত খবৰ দিয়াৰ পিচতে ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে ৷

লগতে পঢ়কঃ একেদিনাই ৰাজ্যত উদ্ধাৰ দুটাকৈ মৃতদেহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.