ETV Bharat / state

অনিশ্চয়তাৰ দিশে সাংস্কৃতিক সংগ্ৰহালয়ৰ নিৰ্মাণকাৰ্য - সাংস্কৃতিক সংগ্ৰহালয়

অনিশ্চয়তাৰ দিশে গতি কৰিছে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা,কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, নটসূৰ্য ফণী শৰ্মা আৰু ভাৰতৰত্ন তথা সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ সৃষ্টিৰাজিৰ সাংস্কৃতিক সংগ্ৰহালয়ৰ নিৰ্মাণকাৰ্য ৷ তেজপুৰৰ বিধায়ক বৃন্দাবন গোস্বামীৰ হেমাহিৰ বাবে এই সংগ্ৰহালয়ৰ নিৰ্মাণ কাৰ্যত পলম হোৱা বুলি এক অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

Cultural Museum under construction in the direction of uncertainty tezpur assam etv bharat news
অনিশ্চয়তাৰ দিশে সাংস্কৃতিক সংগ্ৰহালয়ৰ নিৰ্মাণকাৰ্য
author img

By

Published : Sep 11, 2020, 5:35 PM IST

তেজপুৰ,11 ছেপ্তেম্বৰ: তেজপুৰত আজিও আধৰুৱা অৱস্থাত আছে সাংস্কৃতিক সংগ্ৰহালয়ৰ নিৰ্মাণকাৰ্য ৷ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা সহিতে চিৰ নমস্য একাংশ শিল্পীৰ সৃষ্টিৰাজি বিজ্ঞানসন্মতভাৱে সংৰক্ষণ নোহোৱাৰ ফলত ধ্বংসৰ গৰাহত বিলীন হোৱাৰ উপক্ৰম হৈছে ৷ এই অভিযোগ উত্থাপন কৰিছে তেজপুৰবাসীয়ে ৷ শোণিতপুৰ জিলাৰ তেজপুৰবাসীয়ে ট্ৰিবেণীৰ অসম গণ পৰিষদৰ কাৰ্যালয়ৰ নিকটৱৰ্তী ডায়েৰী ফাৰ্মৰ সমীপৰ চৰকাৰী ভূমি এই সাংস্কৃতিক সংগ্ৰহালয়ৰ বাবে আৱণ্টন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল যদিও পৰৱৰ্তী সময়ত এই ভূমি জিলা বিজ্ঞান কেন্দ্ৰৰ নামত আৱণ্টন দিয়াৰ অভিযোগ উত্থাপিত হৈছে । জিলা বিজ্ঞান কেন্দ্ৰৰ নামত ইতিমধ্যে তেজপুৰৰ মিছন চাৰিআলিত এটি আৰচিচি গৃহ থকাৰ পিছতো ডায়েৰী ফাৰ্মৰ নামত প্ৰায় তিনি বিঘা ভূমি পুনৰ আৱণ্টন দিয়া কাৰ্যত উদ্বেগ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ উক্ত বিষয় সন্দৰ্ভত স্থানীয় ৰাইজে জিলা উপায়ুক্তক এক স্মাৰকপত্ৰ প্ৰদান কৰে ৷

অনিশ্চয়তাৰ দিশে সাংস্কৃতিক সংগ্ৰহালয়ৰ নিৰ্মাণকাৰ্য

উল্লেখ্য যে,বিগত 31 জুলাইত নটসূৰ্য ফণী শৰ্মা বঁটা প্ৰদান অনুষ্ঠানত তেজপুৰৰ বাণ থিয়েটাৰত উপস্থিত থাকি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঘোষণা কৰিছিল যে,ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা,কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা,নটসূৰ্য ফণী শৰ্মা আৰু সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ নামত বৈজ্ঞানিক পদ্ধতিৰ এক সাংস্কৃতিক সংগ্ৰহালয় তেজপুৰত নিৰ্মাণ কৰা হ’ব ৷ তদুপৰি ভৱিষ্যত প্ৰজন্মই যাতে এই চাৰিগৰাকী শিল্পীৰ বিষয়ে জনাৰ সুযোগ লাভ কৰে তাৰ বাবে তেজপুৰবাসী তথা জিলা প্ৰশাসনক দায়িত্ব অৰ্পণ কৰিছিল ৷ কিন্তু তেজপুৰৰ বিধায়ক বৃন্দাবন গোস্বামীৰ হেমাহিৰ বাবে এই সংগ্ৰহালয়ৰ নিৰ্মাণকাৰ্যত পলম হোৱা বুলি এক অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ উল্লেখ্য যে,সম্প্ৰতি বিধায়কগৰাকী কোভিড-19 ত আক্ৰান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে ৷

লগতে চাওকঃ দ্বিতীয় বাঘজান হোৱাৰ দিশে গোলাঘাটৰ তামুলীপথাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.