তেজপুৰ, ৬ জানুৱাৰী : তেজপুৰৰ জয়মতী পথাৰত ভাৰতীয় কমিউনিষ্ট পাৰ্টি মাৰ্ক্স চমুকৈ চিপিআই(এম)ৰ এক বিশাল প্ৰতিবাদী সভা অনুষ্ঠিত হয় (CPIM protest meeting)। ৰাজ্যত বৰ্ধিত মূল্য বৃদ্ধি, ভূমি আৰু শিক্ষাৰ বিষয়ত চৰকাৰৰ ভূমিকা আৰু শেহতীয়াকৈ সমষ্টিৰ পুনৰ নিৰ্ধাৰণ আৰু জিলা কৰ্তনৰ বিৰুদ্ধে বৃহস্পতিবাৰে এই প্ৰতিবাদী কাৰ্যসূচী আয়োজন কৰে দলটোৱে । জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা তিনি শতাধিক কৰ্মী-সমৰ্থকে এই সভাত অংশগ্ৰহণ কৰে । সভাৰ আৰম্ভণিতে ৯ টাকৈ প্ৰস্তাৱ গ্ৰহণ কৰা হয় ৷
সভাত উচ্ছেদিত পৰিয়ালক সংস্থাপন দিয়া, অংগনবাড়ী কৰ্মী-সহায়িকা আৰু আশা কৰ্মীক চৰকাৰী কৰ্মচাৰীৰ মৰ্যদা প্ৰদান কৰা, ৰেচন কাৰ্ডৰ পৰা বাদ কৰা হিতাধিকাৰীক পুনৰ অন্তৰ্ভুক্ত কৰা, চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৬৬১ টকা নিৰ্ধাৰণ কৰা, চৰ চাপৰি আৰু বনাঞ্চলত বহু বছৰ ধৰি বাস কৰা লোকসকলক ভূমিৰ অধিকাৰ প্ৰদান কৰা, প্ৰতিটো পঞ্চায়ত এলেকাত ধান ক্ৰয় কেন্দ্ৰ স্থাপন কৰা, তেজপুৰ নগৰলৈ ৰে'ল সেৱা পুনৰ সম্প্ৰসাৰণ কৰা, ৪ খন জিলাক পুনৰ জিলাৰ মৰ্যদা প্ৰদান আদি বিভিন্ন দাবীৰ প্ৰস্তাৱসমূহ গ্ৰহণ কৰা হয় (CPIM proposal against govt) ৷
![CPIM public meeting](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur02-5jan-pix-cpim-pranabkumardas-7203907_05012023191137_0501f_1672926097_995.jpg)
এই জনসভাত চিপিআই (এম) দলৰ সৰভোগ সমষ্টিৰ বিধায়ক তথা কমৰেড মনোৰঞ্জন তালুকদাৰে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে । তেওঁ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক মিছলীয়া আখ্যা দি কয় যে বানত ককবকাই থকা ৰাইজক সকাহ দিয়াৰ বাবে শদিয়াৰ পৰা ধুবুৰীলৈ ব্ৰহ্মপুত্ৰৰ বুকু খান্দি দুয়োপাৰে এক্সপ্ৰেছ হাইৱে বনাব বুলি তেওঁ মিছা প্ৰতিশ্ৰুতি দিলে (Assam CPIM leader slams Sarbananda Sonowal)।
ইফালে বছৰি বানত কৃষকসকলে সন্মুখীন হোৱা সমস্যাৰ কথা সদৰি কৰি বিধায়কগৰাকীয়ে কয় যে ইতিমধ্যে ৰাজ্যৰ প্ৰায় ৩২ লাখ বিঘাতকৈ বেছি ভূমি বানপানীৰ ফলত নৈৰ বুকুত জাহ গৈছে ।
![CPIM public meeting](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur02-5jan-pix-cpim-pranabkumardas-7203907_05012023191137_0501f_1672926097_134.jpg)
তেওঁ লগতে কয় যে নিৰ্বাচনৰ পূৰ্বে বিজেপি দলে বান সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণাৰ দাবী উত্থাপন কৰিছিল যদিও ক্ষমতালৈ অহাৰ পাছতে উক্ত দাবী উপেক্ষা কৰিছে । তেওঁ অভিযোগ কৰা মতে চিপিআই(এম) দলে মথাউৰিসমূহ পকীকৰণ কৰাৰ দাবী জনাই আহিছে যদিও সেয়া হৈ নুঠিল । বৰ্তমান মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাকো তীব্ৰ সমালোচনা কৰে নেতাগৰাকীয়ে (MLA Manoranjan Talukdar slams Assam CM)।
অসম চৰকাৰে গ্ৰহণ কৰা জন বিৰোধী নীতিৰ সমালোচনা কৰি তেওঁ বৰ্তমান প্ৰায় ৪০ লাখ নিবনুৱাৰে ভাৰাক্ৰান্ত অসমত উদ্যোগ স্থাপনৰ দাবী জনায় । তেওঁ উল্লেখ কৰা মতে চৰকাৰে সম্প্ৰতি কেইবাশ কোটি টকীয়া ব্যক্তিগত হিতাধিকাৰীৰ আঁচনি গ্ৰহণ কৰি আহিছে কিন্তু দুটাকৈ পেপাৰ মিল পুনৰ কাৰ্যক্ষম কৰাৰ বাবে ইমান পুঁজিৰ প্ৰয়োজনে নহয়, বৰঞ্চ নিৱনুৱা সংস্থাপনৰ বাটহে মুকলি হ'লহেঁতেন । ইফালে কৃষক আৰু বান সমস্যাৰ স্থায়ী সমাধান নহ'লে অসমৰ কৃষি অৰ্থনীতি ধ্বংস হৈ যাব বুলিও তেওঁ দাবী কৰে ।
বৰ্তমান ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া ধানৰ মূল্যই একাংশ দালালক লাভান্বিত কৰিব বুলিও তেওঁ দাবী কৰে । দলৰ জ্যেষ্ঠ নেতা তথা চিপিআই(এম)ৰ ৰাজ্যিক সদস্য ৰবীন তামুলীৰ সভাপতিত্বত আয়োজিত এই সভাত মূল্যবৃদ্ধিকে ধৰি বিভিন্ন সমস্যা সমাধানৰ দাবী উত্থাপন কৰা হয় । তামুলীয়ে বিজেপি চৰকাৰক সমালোচনা কৰি কয় যে বিজেপি চৰকাৰৰ দিনত সাধাৰণ ৰাইজৰ জীৱন আৰু জীৱিকা কঠিন হৈ পৰিছে ৷ বৃহৎ পুঁজিপতিৰ স্বাৰ্থ সুৰক্ষিত কৰি সাধাৰণ মানুহৰ মাজত চৰকাৰে বিভেদ সৃষ্টি কৰিছে বুলিও তেওঁ অভিযোগ কৰে ৷
লগতে পঢ়ক :MOU Signed by CM: বিনামূলীয়া হ’ল প্ৰাক্তন সেনা আৰু পৰিয়ালৰ লোকৰ চিকিৎসা