ৰঙাপৰা,18 নৱেম্বৰ: শোণিতপুৰৰ বালিপৰাত বুধবাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে চিপিআই (এম)ৰ কৰ্মীসকলে ৷ বালিপৰা চেণ্টাৰত সংগঠনটোৰ কৰ্মীসকলে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত হাতে হাতে ফেষ্টুন-বেনাৰ লৈ প্ৰদৰ্শন কৰে বিক্ষোভ কাৰ্যসূচী ৷ প্ৰতিবাদকাৰীসকলে নাগৰিকত্ব সংশোধনী আইন বাতিল কৰক,কা বিৰোধী সকলো কাৰাবন্দীক বিনা চৰ্তে মুক্তি দিয়ক,শুদ্ধ এনআৰচি প্ৰকাশ কৰক আদি শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷
লগতে চাওকঃ বজালীৰ কেন্দুগুৰিত ভয়াৱহ পথ দুৰ্ঘটনা