তেজপুৰ, ৮ এপ্ৰিল: শোণিতপুৰ জিলাৰ ওদালগুৰি স্বাস্থ্যখণ্ডৰ অন্তৰ্গত বৰচলা সমষ্টিৰ ডুমডুমাত ক'ভিড-১৯ ৰ প্ৰতিষেধক গ্ৰহণ কৰি মৃত্যু এজন লোকৰ । অনন্ত হালৈ নামৰ (৪৮) লোকজনে যোৱা ৬ এপ্ৰিলত ক'ভিড-১৯ ৰ প্ৰতিষেধক গ্ৰহণ কৰাৰ ঠিক তৃতীয় দিনাখনে প্ৰাণ হেৰুৱায় । লোকজনৰ মৃত্যুৰ কথা স্পষ্ট কৰিছে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই । অনন্ত হালৈয়ে ক'ভিড-১৯ ৰ প্ৰতিষেধক গ্ৰহণ কৰাৰ নিশাই অসুস্থ হৈ পৰিছিল । তাৰ পাচত তেওঁক তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ আই চি ইউত ভৰ্তি কৰোৱা হৈছিল ।
ক'ভিড-১৯ ৰ প্ৰতিষেধক গ্ৰহণ কৰি হালৈৰ এইদৰে মৃত্যু হোৱাত সম্প্ৰতি শংকিত হৈ পৰিছে ৰাইজ । মৃত্যু হোৱা লোকজনৰ ঘৰ শোণিতপুৰ জিলাৰ ডুমডুমাৰ শিলপোটাত বুলি জানিব পৰা গৈছে । আনহাতে চিকিৎসালয় কৰ্তৃপক্ষই হালৈৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে বিচৰাত এই মূহুৰ্তলৈ মৃতকৰ পৰিয়ালে দিব বিচৰা নাই । ইফালে, তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ দুগৰাকী চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ চিকিৎসক ক'ভিড-১৯ ত আক্ৰান্ত হৈছে ।
লগতে পঢ়ক: কামপুৰ ৰাস পথাৰত বহাগী মেলাৰ আয়োজন