ETV Bharat / state

ক'ভিড-১৯ঃ শোণিতপুৰত দুগৰাকী আক্ৰান্তৰ মৃত্যু

চৌদিশে মৃত্যুৰ কিৰিলি । ক'ভিড-১৯ মহামাৰীৰ কবলত পৰি দেশত প্ৰতি দিনে প্ৰাণ হেৰুৱাইছে লাখ লাখ লোকে । অসমতো পৰিস্থিতি ভয়াৱহ হৈ পৰিছে । বৃহস্পতিবাৰে শোণিতপুৰত কৰ'ণাই প্ৰাণ কাঢ়িলে দুগৰাকী ৰোগীৰ ।

author img

By

Published : May 14, 2021, 12:06 PM IST

Covid situation in Tezpur
বৃহস্পতিবাৰে দিনটোত শোণিতপুৰত দুজন কৰ'ণা আক্ৰান্তৰ মৃত্যু

তেজপুৰ, ১৪ মে': ৰাজ্যত দৈনিক বৃদ্ধি পাইছে ক'ভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা । ৰাজ্যৰ আন আন জিলাৰ লগতে শোণিতপুৰতো পৰিস্থিতি ক্ৰমান্বয়ে জটিল হৈ পৰিছে । জিলাখনত বৃহস্পতিবাৰে দুগৰাকী কৰ'ণা আক্ৰান্তই প্ৰাণ হেৰুৱায় ।

স্বাস্থ্য বিভাগৰ তৰফৰ পৰা প্ৰকাশ কৰা তথ্য অনুসৰি, কৰ'ণাত আক্ৰান্ত হৈ তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা অৱস্থাতে তেজপুৰৰ কৈলাশ নগৰৰ বীণাৰাণী দেৱী ৰমজান আৰু তেজপুৰৰ বৰঘাট খলিহামাৰীৰ গোপাল সিনহাৰ মৃত্যু হয় ।

তদুপৰি, বৃহস্পতিবাৰে শোণিতপুৰত জিলাখনত মুঠ ১৮৩ জন ব্যক্তি নতুনকৈ ক'ভিড-১৯ত আক্ৰান্ত হয় । আনহাতে, শোণিতপুৰ জিলাত মহামাৰীত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ২৭ জনলৈ বৃদ্ধি পাইছে ।

ইফালে, অসমত বিগত ১৫ দিনত কালৰূপী কৰ'ণাই প্ৰাণ কাঢ়িছে ৬২৩ গৰাকী লোকৰ । বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চৰকাৰে সান্ধ্য আইনৰ সময়সূচী বৃদ্ধি কৰিছে আৰু ক'ভিড বিধি পালনৰ ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ কৰিছে ।

লগতে পঢ়ক:টীয়কত 18 বছৰৰ উৰ্ধৰ লোকক ভেকচিন প্ৰদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.