ETV Bharat / state

পুনৰ ৰঙাপৰা ৰে’লৱে আৰক্ষীৰ 6 জন কৰ’ণা পজিটিভ

author img

By

Published : Jul 25, 2020, 4:40 AM IST

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শোণিতপুৰ জিলাতো অব্যাহত আছে কৰ’ণা ভাইৰাছৰ ভয়ংকৰ সংক্ৰমণৰ ঘটনা ৷ ৰঙাপৰাত পুনৰ 6 গৰাকী ৰে’লৱে আৰক্ষীৰ দেহত ধৰা পৰে কৰ’ণা ভাইৰাছৰ অৱস্থিতি ৷

পুনৰ ৰঙাপৰা ৰে’লৱে আৰক্ষীৰ 6 জন কৰ’ণা পজিটিভ
পুনৰ ৰঙাপৰা ৰে’লৱে আৰক্ষীৰ 6 জন কৰ’ণা পজিটিভ

ৰঙাপৰা, 25 জুলাই : শুকুৰবাৰে শোণিতপুৰ জিলাৰ ৰে’ল নগৰী ৰঙাপৰাৰ ৰে’লৱেৰ 6 গৰাকী আৰক্ষীৰ দেহত ধৰা পৰে কৰ’ণা ভাইৰাছৰ অৱস্থিতি ৷ সম্প্ৰতি ইজনৰ পিছত সিজনকৈ ৰে’লৱে সুৰক্ষা বাহিনীত কৰ্মৰত বিষয়া-জোৱান কৰ’ণা পজেটিভ ধৰা পৰাৰ পিচতেই সমগ্ৰ অঞ্চলটোত এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

জানিব পৰা মতে, ৰঙাপৰা ৰে’লৱে সুৰক্ষা বাহিনীৰ 16 গৰাকী বিষয়া-জোৱানক ৰেপিড এণ্টিজেন ষ্টেট কৰা হৈছিল । ইয়াৰে 10 গৰাকী লোকৰ ফলাফল নিগেটিভ পোৱাৰ বিপৰীতে 6 গৰাকী ক্ৰমে চিত্ৰ দিহিংগীয়া, সোমেশ্বৰ দৈমাৰী, সুভাষ বৰ্মন, দিপক লহকৰ, ভাৰত চন্দ্ৰ দাস আৰু গাৰ্ড কলনিৰ নিৱাসী আজমত আলিক ক'ভিড-19 পজিটিভ বুলি ঘোষণা কৰে চিকিৎসকে ।

ৰঙাপৰা ৰে’লৱে আৰক্ষীৰ 6 জন কৰ’ণা পজিটিভ

উল্লেখ্য যে, যোৱা 21 জুলাইতো ৰঙাপৰাৰ ৰে’লৱে সুৰক্ষা বাহিনীৰ বেৰেকত থকা চাৰিজন আৰক্ষীৰ দেহত ধৰা পৰিছিল কৰ’ণা ভাইৰাছৰ অৱস্থিতি । ৰঙাপৰা অগ্নি নিৰ্বাপক বাহিনীয়ে তৎপৰতাৰে ৰে’লৱে আৰক্ষীৰ বেৰেকত চেনিটাইজ কৰা পৰিলক্ষিত হয় ৷ পুনৰ 6 গৰাকীকৈ লোকৰ দেহত ক’ভিডৰ উপস্থিতি ধৰা পৰাৰ পাচতেই জিলা প্ৰশাসনে উক্ত স্থানটি কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰিছে ।

লগতে চাওক-ৰাজ্যৰ বানত মৃতকৰ সংখ্যা 93 লৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.