ETV Bharat / state

তেজপুৰত ক'ভিডত আক্ৰান্ত হৈ পুনৰ এজনৰ মৃত্যু

author img

By

Published : May 3, 2021, 4:47 PM IST

তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত আন এজন ক'ভিড ৰোগীৰ মৃত্যু ৷ সোমবাৰে পুৱা চিকিৎসাধীন অৱস্থাত মৃত্যু হয় লোকজনৰ । দেওবাৰেও তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত প্ৰাণ হেৰুৱাইছিল ওদালগুৰিৰ এগৰাকী ক'ভিড ৰোগীয়ে । এই পৰ্যন্ত শোণিতপুৰত কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৬ জনলৈ বৃদ্ধি পায় ।

Tezpur Covid patient dead
তেজপুৰত ক'ভিডত আক্ৰান্ত হৈ পুনৰ এজনৰ মৃত্যু

তেজপুৰ,৩ মে': ৰাজ্যত পুনৰ এগৰাকী ক'ভিড ৰোগীৰ মৃত্যু ৷ তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত আন এজন ক'ভিড ৰোগীৰ মৃত্যু ঘটে ৷ সোমবাৰে পুৱা চিকিৎসাধীন অৱস্থাত মৃত্যু হয় লোকজনৰ । মৃত্যু হোৱা লোকজন ৰাজেন বৰদলৈ (৬০) ৷

আনহাতে, দেওবাৰেও তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত প্ৰাণ হেৰুৱাইছিল ওদালগুৰিৰ এগৰাকী ক'ভিড ৰোগীয়ে । এই পৰ্যন্ত শোণিতপুৰত কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৬ জনলৈ বৃদ্ধি পায় । জিলাখনত প্ৰতিদিনে ক'ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে । জিলাখনৰ অধিকাংশ আক্ৰান্ত লোক তেজপুৰৰ বুলি জানিব পৰা গৈছে । দেওবাৰৰ দিনটোত ১৪ জন লোকৰ দেহত নতুনকৈ কৰ'ণাৰ অৱস্থিতি ধৰা পৰে । এই মুহুৰ্তলৈ জিলাখনত মুঠ ৬০০ জন লোক চিকিৎসাধীন হৈ আছে ।

লগতে পঢ়ক: দ্বিতীয়বাৰলৈ বিজয় সাব্যস্ত কৰিলে প্ৰমোদ বৰঠাকুৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.