তেজপুৰ, ১২ জুলাই : উত্তৰ অসমৰ প্ৰায় ডেৰ শতাধিক চাহপাত উৎপাদন কৰা ফেক্টৰী অহা এটা পষেকৰ পাচতে বন্ধ হৈ পৰাৰ আশংকাই দেখা দিছে ৷ বৰ্তমান কয়লাৰ নাটনিয়ে চাহ ফেক্টৰীসমূহৰ ক্ষেত্ৰত এক বৃহৎ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে ৷ ৰাজ্যৰ উত্তৰ পাৰত প্ৰায় ডেৰ শতাধিক চাহ উৎপাদন ফেক্টৰী আছে ৷
এই ফেক্টৰী সমূহৰ চাহপাতৰ উৎপাদন প্ৰক্ৰিয়াত যথেষ্ট পৰিমাণৰ কয়লাৰ প্ৰয়োজন হয় ৷ চাহ ফেক্টৰীত পাই পলাইনৰ সহায়ত গেছৰ যোগান ব্যৱস্থা এই পৰ্যন্ত হৈ উঠা নাই বাবেই উত্তৰ অসমৰ প্ৰতিটো চাহ ফেক্টৰী কেৱল কয়লাৰ ওপৰতেই নিৰ্ভৰশীল ৷ কিন্তু সম্প্ৰতি ৰাজ্যত যোৱা এপ্ৰিলৰ মাহৰ পৰাই কয়লাৰ সৰবৰাহ বন্ধ হৈ পৰাত এই চাহ ফেক্টৰীসমূহে বৃহৎ সমস্যাৰ সন্মুখীন হৈছে ৷
মজুত থকা কয়লাৰেই ফেক্টৰীসমূহ চলাৰ পাছত বৰ্তমান কয়লাৰ নাটনিয়ে দেখা দিছে ৷ এই ফেক্টৰী সমূহলৈ মাৰ্ঘেৰিটা, গৰমপানী আনকি মেঘালয়, নাগালেণ্ডৰ পৰাও যথেষ্ট পৰিমাণৰ কয়লা সৰবৰাহ কৰা হয় ৷ বৰ্তমান এই সকলো স্থানতে কয়লাৰ খনন বন্ধ থকাৰ লগতে সৰবৰাহো বন্ধ হৈ আছে ৷
এই ক্ষেত্ৰত শোণিতপুৰৰ নাহৰবাৰি চাহ ফেক্টৰীৰ পৰিচালক প্ৰশান্ত নাথে কয়, বৰ্তমান উত্তৰ অসমৰ চাহ ফেক্টৰী সমূহত এক সপ্তাহ নতুবা ১০-১৫ দিন চলিব পৰাকৈহে কয়লা মজুত আছে ৷ এনে অৱস্থাত কয়লা সৰবৰাহ পুনৰ আৰম্ভ নহ’লে ডেৰশ চাহ ফেক্টৰী বন্ধ হৈ পৰিব ৷ ৰাজ্যৰ অন্যতম বৃহৎ আৰু থলুৱা চাহ উদ্যোগৰ এক বৃহৎ অংশ এনেদৰে বন্ধ হৈ পৰিলে ৰাজ্যৰ অৰ্থনীতিত আন এক মাধমাৰ পৰাটো নিশ্চিত বুলি কয় পৰিচালক গৰাকীয়ে ৷
তদুপৰি শ্ৰমিককে ধৰি বিভিন্ন কৰ্মচাৰী কৰ্মহীন হৈ পৰাৰ এক পৰিস্থিতিৰো উদ্ভৱ হ’ব ৷ আনহাতে, ফেক্টৰী বন্ধ হোৱা মানেই বহু শিক্ষিত নিবনুৱাই আৰম্ভ কৰা ক্ষুদ্ৰ চাহ বাগিচাৰ জৰিয়তে উৎপাদিত কেঁচা চাহপাত বিক্ৰীৰ পথো বন্ধ হৈ পৰিব ৷ এইবাৰ উত্তৰ অসমত প্ৰথম অৱস্থাত অধিক বৰষুণ হোৱাৰ বাবেও কেঁচা চাহপাতৰ উৎপাদন হ্ৰাস পাইছিল ৷
উত্তৰ অসমৰ চাহ ফেক্টৰী সমূহত বৰ্তমান কয়লাৰ নাটনিক লৈ যি শংকাৰ সৃষ্টি হৈছে সেয়া অতি শীঘ্ৰেই দূৰ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ চাহ ফেক্টৰীৰ কৰ্তৃপক্ষই চৰকাৰৰ ওচৰত দাবী জনাইছে ৷
লগতে পঢ়ক: সংৰক্ষণত অৱহেলা: দলনি হ'ল ঐতিহাসিক আঘোণীবাই পুখুৰী