তেজপুৰ, ৫ জানুৱাৰী : ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে ক’ভিড-19ত আক্ৰন্ত হোৱা লোকৰ সংখ্যা (Covid cases increase in Assam) ৷ সমগ্ৰ ৰাজ্যৰ লগতে শোণিতপুৰ জিলাটো বৃদ্ধি পাইছে নতুনকৈ কৰ’ণা মহামাৰীত আক্ৰান্তৰ সংখ্যা । জিলা স্বাস্থ্য বিভাগে জনোৱা তথ্য অনুসৰি, শোণিতপুৰ জিলাত বিগত ২৪ ঘণ্টাত ৪৫ জন লোকৰ দেহত ধৰা পৰিছে ক’ভিড-19 ৰ উপস্থিতি (Covid 19 Update in Sonitpur) ৷
তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত বুধবাৰৰ দিনটোত নতুনকৈ ক’ভিড 19 ত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা লোকৰ সংখ্যা ১৫ জন ৷ জানিব পৰা মতে, চিকিৎসালয়ত থকা ১ জন লোকে আৰোগ্য লাভ কৰিছে । ইয়াৰে সমান্তৰালভাৱে জিলাখনৰ সদৰ তেজপুৰ পৰুৱাৰ মাতৃ শিশু কল্যাণ চিকিৎসালয়ৰ ক’ভিড কেয়াৰ চেণ্টাৰত ৩১ জন চিকিৎসাধীন হৈ আছে ৷
ইয়াৰ বিপৰীতে তেজপুৰ পৰুৱাৰ মাতৃ শিশু কল্যাণ চিকিৎসালয়ৰ ক’ভিড কেয়াৰ চেণ্টাৰত ৫ বছৰৰ তলৰ শিশু ১ টা আৰু 5 বছৰৰ পৰা ১০ বছৰৰ ভিতৰত ২ টা শিশুৰ দেহত ধৰা পৰিছে ক’ভিডৰ উপস্থিতি ৷ আনহাতে, এই চেন্টাৰতে বুধবাৰৰ দিনটোত ১৫ জন ক’ভিড ৰোগী নতুনকৈ চিকিৎসাধীন হৈ আছে ।
উল্লেখ্য যে, বিগত ৩ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা ১৫-১৮ বছৰৰ ছাত্ৰ-ছাত্ৰী সকলৰ ক’ভিড প্ৰতিষেধকৰ প্ৰথম পালি শোণিতপুৰ জিলাত ১৭,৭০০ জন লোকক প্ৰদান কৰা হৈছে । জিলাখনত মুঠ ৩২ টা কেন্দ্ৰত এই ক’ভিড প্ৰতিষেধক প্ৰদান কৰা হৈছে ।
লগতে পঢ়ক : অ'মিক্ৰণক লৈ শংকিত হোৱাৰ বিপৰীতে সতৰ্ক হোৱাৰ আহ্বান ডাঃ অভিজিৎ শৰ্মাৰ