ETV Bharat / state

তেজপুৰত আৰক্ষীৰ ক'ভিড সম্পৰ্কীয় সজাগতা অভিযান

author img

By

Published : May 19, 2021, 3:28 PM IST

কৰ'ণা সন্দৰ্ভত তেজপুৰ আৰক্ষীৰ সজাগতামূলক পদক্ষেপ । চহৰখনৰ বৰঘুলা চাৰিআলিত বজাৰলৈ অহা সকলো লোকক একোখনকৈ পত্ৰ বিতৰণ কৰি সজাগতাৰ সৃষ্টি কৰে ।

tezpur
তেজপুৰ চহৰত আৰক্ষীৰ ক'ভিড সম্পৰ্কীয় সজাগতা অভিযান

তেজপুৰ, ১৯ মে': সমগ্ৰ ৰাজ্যৰ লগতে শোণিতপুৰ জিলাতো কৰ'ণা মহামাৰীৰ সংক্ৰমণ বৃদ্ধি পাইছে । কৰ'ণাৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি তেজপুৰ আৰক্ষীয়ে এক সজাগতামূলক পদক্ষেপ গ্ৰহণ কৰিছে ।

তেজপুৰত আৰক্ষীৰ ক'ভিড সম্পৰ্কীয় সজাগতা অভিযান

তেজপুৰ সদৰ আৰক্ষীৰ অধীনত সকলো থানাৰ এলেকাত আৰক্ষীয়ে বিতৰণ কৰিছে সজাগতাৰ লিফ্টলেট । তেজপুৰ চহৰৰ বৰঘুলা চাৰিআলিত বজাৰলৈ অহা সকলো লোকক একোখনকৈ পত্ৰ বিতৰণ কৰি নিজৰ লগতে আন দহোজনকো সজাগতা বৃদ্ধি কৰিবলৈ আহ্বান জনাইছে । তেজপুৰ, মিচন চাৰিআলি, বৰঘাত, চানমাৰি আৰু বেবেজিয়া আৰক্ষীৰ অধীনত বুধবাৰে এই সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰে ।

ৰাজ্যৰ আন আন জিলাৰ জিলাৰ লগতে শোণিতপুৰ জিলাতো দৈনিক বৃদ্ধি পাইছে কৰ'ণা মহামাৰীৰ সংক্ৰমণ । জিলাখনত এইমুহূৰ্তলৈ মহামাৰীৰে যুঁজি দুজন ব্যক্তিয়ে প্ৰাণ হেৰুৱাইছে । ফলত ইয়াৰ লগে লগে ৫০ জনলৈ বৃদ্ধি পাইছে মহামাৰী নিহত হোৱা লোকৰ সংখ্যা । যোৱা ৬ এপ্ৰিলৰ পৰা আৰু বুধবাৰৰ দিনটোলৈ ১৭৮৯ জন লোক কৰ'ণা মহামাৰীত আক্ৰান্ত হৈছে ।

লগতে পঢ়ক: উন্নয়নৰ মুখ নেদেখিলে জোনাইৰ উদয়পুৰবাসীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.