ETV Bharat / state

তেজপুৰ বিশ্ববিদ্যালয়ৰ মাণ্ডলিক স্কিনিং চেন্টাৰত 11 জনলৈ বৃদ্ধি কোভিড-19 আক্ৰান্ত - হাৰিয়ানাৰ গুৰগাঁৱৰ পৰা 27 গৰাকী লোক কঢ়িয়াই অনা এখন বাছ

ইয়াৰে শোণিতপুৰ জিলাৰ 7 জন ,লক্ষীমপুৰৰ 3 জন আৰু ওদালগুৰিৰ 1 জন বুলি চিনাক্ত কৰা হৈছে ৷ শুক্ৰবাৰে পুৱা কোভিড আক্ৰান্ত বুলি চিনাক্ত হোৱা দুগৰাকী হ'ল ওদালগুৰিৰ ভাগীৰথী ভূমিজ আৰু লখিমপুৰৰ ঘনকান্ত সোণোৱাল ৷

Covid-19 postive cases hike to 11 at Tezpur university quarantine centre
তেজপুৰ বিশ্ববিদ্যালয়ৰ মাণ্ডলিক স্কিনিং চেন্টাৰত 11 জনলৈ বৃদ্ধি কোভিড-19 আক্ৰান্ত
author img

By

Published : May 22, 2020, 12:37 PM IST

তেজপুৰ, 22 মে': ৰাজ্যত ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰিছে কোভিড-19 ৰোগে ৷ প্ৰতিদিনেই বৃদ্ধি পাইছে এই ৰোগত আক্ৰান্তৰ সংখ্যা ৷ শেহতীয়াকৈ তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ কোভিড-19 মাণ্ডলিক স্কিনিং চেন্টাৰত এঘাৰ জনলৈ বৃদ্ধি পালে কৰ'ণাত আক্ৰান্তৰ সংখ্যা ৷ ইয়াৰে শোণিতপুৰ জিলাৰ 7 জন ,লখিমপুৰৰ 3 জন আৰু ওদালগুৰিৰ 1 জন বুলি চিনাক্ত কৰা হৈছে ৷ শুক্ৰবাৰে পুৱা কোভিড আক্ৰান্ত বুলি চিনাক্ত হোৱা দুগৰাকী হ'ল ওদালগুৰিৰ ভাগীৰথী ভূমিজ আৰু লখিমপুৰৰ ঘনকান্ত সোণোৱাল ৷

উল্লেখ্য যে, প্ৰশাসনে জনোৱা অনুসৰি এই সকলো আক্ৰান্তৰ ট্ৰেভেল হিষ্ট্ৰীৰ লগত জড়িত হৈ আছে তিনিখন বাছ ৷ এই বাছ তিনিখন বাছ হ'ল ক্ৰমে হাৰিয়ানাৰ গুৰগাঁৱৰ পৰা 27 গৰাকী লোক কঢ়িয়াই অনা UP 17/AT 3590, তামিলনাডুৰ পৰা অহা যাত্ৰী কঢ়িয়াই অনা TN 60 C 9299 আৰু শ্ৰীৰামপুৰ গেটৰ পৰা অহা AS 20/1727 নং যাত্ৰীবাহী বাছ ৷ ইয়াৰে দুখন বাছত অহা সকলোকে তেজপুৰ বিশ্ববিদ্যালয়ত কোৰেন্টাইন কৰা হৈছে যদিও হাৰিয়ানাৰ পৰা অহা 27 জন বাছ যাত্ৰীৰ 6 জনক যোৰহাট আৰু 3 জনক হোজাইলৈ প্ৰেৰন কৰা হৈছে ৷ ইয়াৰে যোৰহাটলৈ প্ৰেৰণ কৰা এজনৰ দেহত ইতিমধ্যে কোভিড-19 পজিটিভ পোৱা গৈছে ৷ বৃহস্পতিবাৰে নিশাৰ পৰা পূৱাৰ ভাগলৈকে চিনাক্ত হোৱা কোভিড-19 পজিটিভ সকল হ'ল-

1)বিজু কুমাৰ ৰায়, মিছামাৰী, শোণিতপুৰ

২)গীতা চেৰপা, মিছামাৰী, শোণিতপুৰ

৩)ললিত চেৰপা, মিছামাৰী, শোণিতপুৰ

৪)জগ বাহাদুৰ লিম্বু, ভেৰবেৰী, শোণিতপুৰ

৫)সুশীল বৰা,চটাই নমাইল, ভালুকপুং, শোণিতপুৰ

৬)মোলাৰাম সোণোৱাল, ঢকুৱাখানা, লখিমপুৰ

৭)লক্ষ্য সোণোৱাল, গাৰোখাটি, লখিমপুৰ

৮)ঘনকান্ত সোণোৱাল, গাৰোখাটি, লখিমপুৰ

৯)ভাগীৰথী ভূমিজ, ওদালগুৰি

ইয়াৰ বিপৰীতে 20 মে'ত কোভিড-19ত আক্ৰান্ত হোৱা দুজন হ'ল শোণিতপুৰ জিলাৰ মিছামাৰীৰ প্ৰভাত লিম্বু আৰু দিলীপ তাঁতী ৷

লগতে পঢ়কঃ ফেনে ফুটুকাৰে বাঢ়িছে বৰপানী : কবলত বহুকেইখন গাঁও

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.