ETV Bharat / state

Covid-19 প্ৰতিৰোধ : শোণিতপুৰত চাহ বাগান কৰ্তৃপক্ষ আৰু জিলা প্ৰশাসনৰ বৈঠক

author img

By

Published : Apr 10, 2020, 11:34 PM IST

শোণিতপুৰত চাহ বাগান কৰ্তৃপক্ষ আৰু জিলা প্ৰশাসনৰ বৈঠক ৷ এই সংকটৰ সময়ছোৱাত মানি চলিবলগা বিভিন্ন নিৰ্দেশাৱলী সম্পৰ্কত অৱগত কৰিলে জিলা প্ৰশাসনে ৷

Covid-19 প্ৰতিৰোধ
শোণিতপুৰত চাহ বাগান কৰ্তৃপক্ষ আৰু জিলা প্ৰশাসনৰ বৈঠক

তেজপুৰ, 10 এপ্ৰিল : Covid-19 সংক্ৰমণ প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে সমগ্ৰ দেশত চলি থকা লকডাউনৰ বাবে বন্ধ ৰখা হৈছে ৰাজ্যৰ প্ৰায়ভাগ চাহ বাগিচা ৷ এই চাহ বাগিচাসমূহৰ কাম-কাজ পুনৰ আৰম্ভ কৰাৰ উদ্দেশ্য বিভিন্ন ধৰণৰ বৈঠক অনুষ্ঠিত কৰা হৈছে ৷ শোণিতপুৰ জিলাতো চাহ বাগিচাসমূহৰ কাম-কাজ পুনৰ আৰম্ভ কৰা আৰু এই ক্ষেত্ৰত মানি চলিবলগীয়া নীতি-নিৰ্দেশনা সমূহৰ বিষয়ে আলোচনাৰ বাবে বৃহস্পতিবাৰে জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত শোণিতপুৰ জিলা প্ৰশাসনে এক বৈঠকৰ আয়োজন কৰে ৷ এই বৈঠকত উপস্থিত থাকে বিভিন্ন চাহ বাগানৰ কৰ্তৃপক্ষ, চাহ জনজাতি ছাত্ৰ সংগঠন যেনে এবিটা, টাই, আটছা, আছাৰ লগতে ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ প্ৰতিনিধিসকল ৷

উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিঙৰ সভাপতিত্বত অনুষ্ঠিত সভাত সামাজিক দূৰত্ব, স্বচ্ছতাৰ ক্ষেত্ৰত মানি চলিবলগীয়া নিয়মাৱলী, বাগান কৰ্তৃপক্ষৰ তৰফৰ পৰা চাহ শ্ৰমিকসকলৰ মাজত মাস্ক, এপ্ৰ’ন, হাতমোজা বিতৰণ আদি বিষয়ৰ ওপৰত আলোচনা কৰা হয় ৷

Covid-19 প্ৰতিৰোধ
চাহ বাগান

কেৱল ৫০ শতাংশ শ্ৰমিক নিয়োগ কৰি তথা সাৱধানতামূলক নিৰ্দেশাৱলী আৰু স্বাস্থ্য বিধি মানি চলিলে বাগানসমূহ পৰ্যায়ক্ৰমে খোলা ৰাখিবলৈ অনুমতি প্ৰদান কৰা হব বুলি জিলা প্ৰশানৰ তৰফৰ পৰা চাহ বাগান কৰ্তৃপক্ষক জনোৱা হয় ৷

ইয়াৰ লগতে প্ৰশাসনে চাহ বাগানৰ শ্ৰমিকৰ মাজত অত্যাৱশ্যকীয় সামগ্ৰী ঘৰে ঘৰে বিতৰণ, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহযোগত সম্পূৰ্ণ বাগান এলেকা পৰিস্কাৰকৰণ, বাগানত পৃথক প্ৰৱেশ আৰু প্ৰস্থানদ্বাৰৰ ব্যৱস্থা কৰিবলৈ বাগান কৰ্তৃপক্ষসমূহক নিৰ্দেশ দিয়ে ।

ইয়াত উপৰিও এই নীতি-নিয়ম মানি চলাতো নিশ্চিত কৰিবলৈ নিজ নিজ বাগানত একোজনকৈ নিৰীক্ষক নিয়োগ কৰিবলৈও বাগান কৰ্তৃপক্ষক জিলা প্ৰশাসনৰ তৰফৰ পৰা আহ্বান জনোৱা হয় ৷ উল্লেখযোগ্য যে, লকডাউনৰ সময়ছোৱাত চাহ বাগানসমূহ নিয়াৰিকৈ পৰিচালনা কৰিবলৈ শোণিতপুৰ জিলা প্ৰশাসনে এক বিশেষ নিয়মাৱলী প্ৰস্তুত কৰাৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.