ETV Bharat / state

তেজপুৰত ভয়ানক ৰূপ ধাৰণ কৰিছে কৰ'ণা সংক্ৰমণে - তেজপুৰত ভয়ানক ৰূপ ধাৰণ কৰিছে কৰ'ণা সংক্ৰমণে

তেজপুৰত দৈনিক যথেষ্ট হাৰত বৃদ্ধি পাইছে কৰ'ণা আক্ৰান্ত ৰোগী ৷ বৰ্তমান শোণিতপুৰ জিলাত কৰ'ণা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে 991 জনলৈ ৷

Covid 19 details - Tezpur , Sonitpur Covid 19 updates
তেজপুৰত ভয়ানক ৰূপ ধাৰণ কৰিছে কৰ'ণা সংক্ৰমণে
author img

By

Published : Jul 28, 2020, 8:19 PM IST

তেজপুৰ,২৮ জুলাইঃ তেজপুৰত ভয়ানক ৰূপ ধাৰণ লৈছে কৰ'ণা ভাইৰাছৰ সংক্ৰমণে । দৈনিক বৃদ্ধি পাইছে সংক্ৰমিত লোকৰ সংখ্যা । গণ সংক্ৰমণৰ ফলত বৃদ্ধি পাইছে কৰ'ণা আক্ৰান্ত ৰোগী,কাৰণ কোনো ধৰণৰ ভ্ৰমণ বৃত্তান্ত নথকা লোকৰ দেহত পোৱা গৈছে COVID-19 পজিটিভ ।

তেজপুৰত ভয়ানক ৰূপ ধাৰণ কৰিছে কৰ'ণা সংক্ৰমণে

তেজপুৰৰ কেন্দ্ৰীয় কাৰাগাৰত মঙলবাৰৰ দিনটোত ২৮ জন কাৰাবন্দীৰ দেহত COVID-19 সংক্ৰমণ হোৱাৰ ঘটনা সম্প্ৰতি পোহৰলৈ আহিছে । ইয়াৰ পূৰ্বে ৪ জন কয়দীৰ শৰীৰত এই ভাইৰাছ সংক্ৰমিত হৈছিল যদিও মঙলবাৰৰ দিনটোত একেলগে ২৮ জন কাৰাবন্দী এই ৰোগত আক্ৰান্ত হৈছে ৷
উল্লেখযোগ্য যে,তেজপুৰত চলি থকা ৰেপিড এন্টিজেন টেষ্ট চহৰৰ তিনিটা প্ৰধান ঠাইত এই পৰীক্ষা কৰা হৈছে ৷ ইয়াৰ ভিতৰত মঙলবাৰে তেজপুৰ চহৰৰ বিভিন্ন ঠাইৰ পূৰ্বৰ সংক্ৰমিত লোকৰ সংস্পৰ্শলৈ অহা লোকক কৰা পৰীক্ষাৰ পৰা মুঠ 56 লোক পজিটিভ পোৱা গৈছে ।

তেজপুৰৰ দাঁতি কাষৰীয়া অঞ্চলত বসবাস কৰা লোক গাৰোৱান পত্তি,নেপালী পত্তি,ৰাবাৰ বাগান,ভৈৰৱ নগৰ টিলা অঞ্চলৰ লোকৰ মাজত বৰ্তমান এই সংখ্যা বৃদ্ধি পাইছে । কাৰাগাৰৰ সংখ্যা বাদ দি 56 জন COVID আক্ৰান্ত লোক তেজপুৰ চহৰৰ ৷ মুঠ 83 জন লোক মঙলবাৰৰ দিনটোত পজিটিভ পোৱা গৈছে আৰু এই প্ৰতিবেদনলৈ লিখাৰ সময়লৈকে শোণিতপুৰত আক্ৰান্তৰ সংখ্যা মুঠ 991 জন ।
লগতে পঢ়কঃপুনৰ দেখিবলৈ পোৱা যাব নেকি শ্বাহৰুখ-দীপিকাৰ যুটি?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.