ETV Bharat / state

Manipur violence: আশ্ৰয় শিবিৰ থকা মণিপুৰৰ 28 খন বিদ্যালয় পাঠদানৰ বাবে উপযুক্ত কৰাৰ আহ্বান শিক্ষক সন্থাৰ; ৰাজ্যপালক স্মাৰকপত্ৰ প্ৰদান

author img

By

Published : Aug 9, 2023, 8:49 PM IST

মণিপুৰৰ ৰাজ্যপাল অনুসূয়া উইকীক বুধবাৰে কেইবাটাও প্ৰতিনিধি দলে সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদান কৰে ৷ শিক্ষক প্ৰতিনিধিৰ এটা গোটে বিদ্যালয়সমূহ পাঠদানৰ বাবে উপযুক্ত কৰি তোলাৰ বাবে আহ্বান জনায় ৷ আনহাতে মহিলা প্ৰতিনিধিৰ এটা দলে ৰাজ্যখনৰ পৰা আছাম ৰাইফলছক আঁতৰোৱাৰ বাবে দাবী জনায় ৷

Manipur violence
Manipur violence

তেজপুৰ, 9 আগষ্ট: হিংসাজৰ্জৰ মণিপুৰত বাৰুকৈয়ে প্ৰভাৱান্বিত হৈছে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যত ৷ নিয়মীয়া পাঠদান ব্যাহত হোৱাৰ আন এটা মূল কাৰণ হ’ল ৰাজ্যখনৰ বহুতো বিদ্যালয়ৰ চৌহদক আশ্ৰয় শিবিৰ হিচাবে ব্যাৱহাৰ কৰি থকা হৈছে ৷ এই সমস্যা সমাধানৰ বাবে বুধবাৰে মণিপুৰৰ শিক্ষক সন্থাৰ পৰিষদৰ প্ৰতিনিধিসকলে ৰাজ্যপাল অনুসূয়া উইকীক সাক্ষাৎ কৰে ৷ সাক্ষাৎতৰ সময়ত শিক্ষক প্ৰতিনিধিয়ে 9 খন জিলাত আশ্ৰয় শিবিৰ হিচাবে ব্যৱহাৰ কৰি থকা 28 খন বিদ্যালয় প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ পাঠদান কৰাৰ বাবে সাজু কৰি তুলিবলৈ আহ্বান জনায় ৷

Manipur violence
ৰাজ্যপালক সাক্ষাৎ গণ প্ৰতিবাদ সমিতিৰ মহিলা নেতৃবৃন্দৰ

প্ৰতিনিধি দলটোৱে ৰাজ্যপালৰ ওচৰত এখন স্মাৰকপত্ৰ দাখিল কৰি আহ্বান জনায় যে আভ্যন্তৰীণভাৱে স্থানান্তৰিত লোকসকলক এই বিদ্যালয়সমূহৰ পৰা স্থানান্তৰ কৰাৰ বাবে উপযুক্ত ব্যৱস্থা কৰিব লাগে যাতে এই 28 খন বিদ্যালয়ত স্বাভাৱিক পাঠদান আৰম্ভ কৰিব পৰা যায় ৷

স্মাৰকপত্ৰখনত শেহতীয়াকৈ দুজন শিক্ষাৰ্থীৰ অপহৰণৰ ঘটনাক জঘন্য অপৰাধ বুলি উল্লেখ কৰা হয় আৰু এই পৰিস্থিতিত শিক্ষাৰ্থীসকলক লক্ষ্য কৰি লোৱাটো তৎক্ষণাৎ বন্ধ কৰিব লাগে বুলি উল্লেখ কৰি এই কাৰ্যক গৰিহণা দিয়ে শিক্ষক প্ৰতিনিধিয়ে ৷ ৰাজ্যপালে তেওঁলোকক আশ্বাস দিয়ে যে এই সন্দৰ্ভত সঠিক ব্যৱস্থা কৰা হ'ব ৷ শিক্ষক প্ৰতিনিধি গোটটোত মুখ্য সচিব আৰু আয়ুক্তক (শিক্ষা) সাক্ষাৎ কৰিবলৈ আহ্বান জনায় ৷

মণিপুৰত 3 মে’ৰ পৰা সংঘাত আৰম্ভ হোৱাৰ পিচত বিদ্যালয়সমূহক আশ্ৰয় শিবিৰ হিচাপে ব্যৱহাৰ কৰি থকা হৈছে ৷ ভাৰতীয় কিষাণ সংঘৰ প্ৰতিনিধি, মণিপুৰ প্ৰান্তেও (Bharatiya Kisan Sangh,Manipur Prant ) ৰাজ্যপালক সাক্ষাৎ কৰে আৰু কম বৰষুণৰ বাবে ৰাজ্যখনত ধান খেতি 30 শতাংশ ব্যৰ্থ হয় বুলি উল্লেখ কৰি বৈকল্পিক শস্যৰ বীজ যোগান ধৰিবলৈ অনুৰোধ জনায় ।

ৰাজ্যপালক দাখিল কৰা এখন স্মাৰকপত্ৰত তেওঁলোকে কয়, ‘‘ৰাজ্যখনত খাদ্যৰ অভাৱ হোৱাৰ বাবে চৰকাৰে কৃষকসকলক বৈকল্পিক শস্য যোগান ধৰা উচিত ৷ পানীৰ সংকটৰ বিৰুদ্ধে যুঁজিবলৈ কৃষকসকলক পেট্ৰ'ল আৰু ডিজেল পাম্পৰ পৰিৱৰ্তে বৈদ্যুতিক পানীৰ যোগান ধৰক ৷’’ৰাজ্যপালগৰাকীয়ে তেওঁৰ কাৰ্যালয়ৰ পৰা সকলো সাম্ভাব্য সহায় আগবঢ়োৱাৰ আশ্বাস দিয়ে ৷

ইফালে, অসম ৰাইফলছৰ বিৰুদ্ধে গণ প্ৰতিবাদ সমিতিৰ মহিলা নেতৃবৃন্দই ৰাজ্যপালক সাক্ষা কৰি তেওঁৰ জৰিয়তে প্ৰধানমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷ স্মাৰকপত্ৰখনত সমগ্ৰ মণিপুৰ ৰাজ্যৰ পৰা অসম ৰাইফলছক আঁতৰোৱাৰ বাবে আৰু অত্যাধিক অত্যাচাৰ কৰা কেন্দ্ৰীয় বাহিনীৰ জোৱানসকলৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ দাবী জনায় ৷ তেওঁলোকে সমগ্ৰ মণিপুৰ ৰাজ্যত, বিশেষকৈ ম’ৰে, চুৰাচান্দপুৰ, কাংপোকপি আদি স্থানত ৰাজ্যিক বাহিনী মোতায়েনৰ দাবী জনায় ৷

লগতে পঢ়ক: Rahul Gandhi thanks Speaker Om Birla: মণিপুৰত ভাৰত মাতৃক হত্যা কৰিছে প্ৰধানমন্ত্ৰীয়ে; ৰাহুল গান্ধী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.