ETV Bharat / state

ভাৰত চীন সীমান্তলৈ সুৰংগ ! - INDO-CHINA BORDER

পশ্চিম অৰুণাচল প্ৰদেশক টাৱাঙৰ সৈতে সংলগ্ন কৰিবৰ বাবে ভাৰত চৰকাৰে নিৰ্মাণ কৰি আছে দুটা বৃহৎ সুৰংগ ৷ টাৱাং জিলাৰ চেলা পাছৰ মাজেদি পূৰ্ণ গতিত চলি আছে এই দুটা বৃহৎ সুৰংগ নিৰ্মাণৰ কাম ৷ সুৰংগ দুটা মূলতঃ যিকোনো বতৰতে বমডিলাহৈ টাৱাং জিলা তথা ভাৰত-চীন সীমান্তৱৰ্তী অঞ্চললৈ সেনাবাহিনীৰ সুবিধাৰ্থে কম সময়ৰ ভিতৰত যাবৰ বাবে নিৰ্মাণ কৰা হৈছে ৷ ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰ ভ্ৰমণৰ সময়ত ২০১৯ চনৰ 9 ফ্ৰেব্ৰুৱাৰীত শিলান্যাস কৰিছিল এই সুৰংগৰ ৷ এই প্ৰকল্পৰ মুঠ ব্যয় ৬৮৭ কৌটি টকা ধাৰ্য কৰা হৈছিল ৷

contraction of two tunnel is going on cela pass

author img

By

Published : May 2, 2020, 3:34 PM IST

Updated : May 2, 2020, 3:50 PM IST

তেজপুৰ,2 মে' : মহামাৰী কৰ'ণা ভাইৰাছৰ আতংক আৰু লক্ ডাউনৰ মাজতো ব'ৰ্ডাৰ ৰোডচৰ অধীনত সামাজিক ব্যৱধান ৰাখি শ্ৰমিকে অহৰনিশে চলাই আছে ভাৰত-চীন সীমান্তৱৰ্তী অঞ্চলৰ পৰা অৰুণাচল প্ৰদেশৰ টাৱাং সংযোগী দুটা সুৰংগৰ নিৰ্মাণ কাৰ্য ৷ ব'ৰ্ডাৰ ৰোডচ সংস্থাই 2017 চনত ঘোষণা কৰিছিল 4,170 মিটাৰ উচ্চতা অতিক্ৰম কৰিবলগীয়া চেলা পাছৰ এই বৃহৎ সুৰংগ দুটা নিৰ্মাণৰ প্ৰকল্প ৷ এই সুৰংগ দুটাৰ দ্বাৰা বিশেষকৈ উপকৃত হ'ব সেনাবাহিনীৰ লোক সকল ৷ যিহেতু চেলা পাছৰ তীব্ৰ বৰফৰ বাবে বেছি ভাগ সময় হেলিকপ্তাৰ জৰিয়তে ৰেচন সামগ্ৰী যোগানৰ লগতে সেনাৰ জোৱান সকলে অহা যোৱা কৰিবলগীয়া হয়, সেয়ে এই সুৰংগৰ জৰিয়তে সহজ লভ্য আৰু সুগম হৈ পৰিব যোগাযোগ ব্যৱস্থা ৷

চেলা পাছৰ এক সুকীয়া বৈশিষ্ট আছে ৷ ১৯৬২ চনৰ ভাৰত -চীনৰ যুদ্ধত ভাৰতীয় সৈন্যই এই বৰফাবৃত্ত পাহাৰৰ পৰা যুদ্ধৰ বাবে সহায় পাইছিল আৰু এটা সময়ত এই চেলা পাছ এৰিবলগীয়াও হৈছিল ৷ তাৰ পাচত ভাৰতীয় সৈন্যই সম্পূৰ্ণ সীমান্ত অধিগ্ৰহণ কৰিবলৈ সক্ষমও হৈছিল ৷ চেলা পাছৰ এই সুৰংগৰ কাষেৰে ভাৰত-ভূটান সংলগ্ন পথ ৷ আনহাতে, টাৱাংৰ পৰা পশ্চিম দিশলৈ ভাৰত-তীব্বত সীমান্ত লুমলা ৰাজহ চক্ৰৰ অন্তৰ্গত ৷ ব'ৰ্ডাৰ ৰোডচ সংস্থা চমুকৈ বি আৰ অ' প্ৰজেক্ট ভৰ্টকৰ অধীনত ইতিমধ্যে চাৰিদুৱাৰ-ভালুকপুং-টাৱাং সংযোগী পথটোত ডাবল লেন যুক্ত ৰাষ্টীয় ঘাইপথৰ কাম পূৰ্ণ গতিত চলি আছে ৷

contraction of two tunnel is going on cela pass
নিৰ্মীয়মান চেলা পাছৰ সুৰংগ

এই দুই সুৰংগৰ এটাৰ ব্যসাৰ্ধ 475 মিটাৰ আৰু আনটো 1,790 মিটাৰ ৷ সুৰংগ দুটাৰ নিৰ্মাণ আৰম্ভ হৈছে হ'লে ডিৰাঙৰ বৈচাখীৰ পৰা আৰ এ ৱান কেম্প নোৰানঙলৈ ৷ এই প্ৰকল্প সম্পূৰ্ণ হ'লে ডিৰাঙৰ পৰা টাৱাঙলৈ প্ৰায় 10 কিঃ মিঃ দূৰত্ব হ্ৰাস পাব ৷ প্ৰচণ্ড বৰফৰ বাবে চেলা পাছত যাতায়তৰ ক্ষেত্ৰত অসুবিধাৰো সৃষ্টি নহ'ব ৷ কিন্তু ইয়াৰ সমান্তৰাল ভাৱে মূল ঘাই পথেদিও যোগাযোগ চলি থাকিব বুলি জানিব পৰা গৈছে ৷

টাৱাঙৰ ভাৰত-টীন সীমান্তলৈ যাত্ৰা কৰিব পাৰিব সুৰংগৰে !

উল্লেখযোগ্য যে, তেজপুৰৰ পৰা টাৱাঙৰ দূৰত্ব 350 কিঃমিঃ আৰু সময়ৰ প্ৰয়োজন হয় প্ৰায় 11 ঘন্টা ৷ আনহাতে, চেলা পাছলৈ দূৰত্ব 260 কিঃ মিঃ আৰু সময়ৰ প্ৰয়োজন 8 ঘন্টা ৷ সাগৰ পৃষ্ঠৰ পৰা ইয়াৰ উচ্চতা প্ৰায় 15,000 কিঃ মিঃ ৷ তাৰোপৰি অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰৰ পৰা টাৱাঙলৈ দূৰত্ব 450 কিঃমিঃ অৰ্থাৎ প্ৰায় 13 ঘন্টা সময়ৰ প্ৰয়োজন ৷ এই সুৰংগ নিৰ্মাণ হোৱাৰ পিচত দূৰত্ব প্ৰায় 12-15 কিঃ মিঃ কমি যাব ৷ যাৰ বাবে সেনাবাহিনী আৰু কোনো পৰ্যটকৰ বাহন বৰফৰ মাজত চেলা পাছত বিপদত পৰিব নালাগে ৷

এই সুৰংগত গতিবেগ হ'ব প্ৰতি ঘন্টাত 80 কিঃ মিঃ আৰু তাত ৮ টা ভেন্টিলেটৰ ৰখা হ'ব ৷ ইয়াৰ সমান্তৰালকৈ পথচাৰী আৰু অন্য যাত্ৰীবাহী বাহন সুৰংগৰ ওপৰৰে 250 ৰ পৰা 750 মিটাৰ ব্যৱধানত চলাচল কৰিব লাগিব ৷ এই সুৰংগৰ ভিতৰত জৰুৰী টেলিফোন সেৱাও অব্যাহত থাকিব ৷ পাকিস্তান সীমান্তত জম্মু কাশ্মীৰ আৰু চীন সীমান্তত অৰুণাচল প্ৰদেশৰ এই সুৰংগ পথটোক লৈ মুঠ 19 টা এনে সুৰংগ আৰু কেইটামান পানীৰ মাজেৰে বনোৱা সুৰংগ অহা ২০২৮ চনৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ সংসদীয় কমিটিয়ে 2019 চনৰ 20 ডিচেম্বৰত সংসদত দাখিল কৰিছিল ৷ তাৰ ভিতৰত চেলা পাছৰ সুৰংগ পথ অহা ২০২২ চনৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছিল বি, আৰ, অ'ক ৷

লগতে পঢ়ক : ৰেলৱেৰ যাত্ৰী পৰিবহন সেৱা ১৭ মে'লৈকে ব্যাহত থাকিব

Last Updated : May 2, 2020, 3:50 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.