ETV Bharat / state

চৰকাৰী বাসগৃহ লাভ কৰিও নিৰাশাগ্ৰস্ত আশা মাঝি !

author img

By

Published : Sep 10, 2021, 2:20 PM IST

ৰঙাপৰাৰ আমতল গাঁৱৰ নিৱাসী আশা মাঝিয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনা(Pradhan Mantri Awas Yojna) আঁচনিৰ অধীনত লাভ কৰা চৰকাৰী বাসগৃহটো আজি পৰ্যন্ত আছে অসম্পূৰ্ণ অৱস্থাত ৷ বাসগৃহটো নিৰ্মাণৰ বাবে আৱণ্টন হোৱা ধনক লৈ ঠিকাদাৰে দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে ৷

government house incomplete at rangapara
ৰঙাপৰাৰ চৰকাৰী বাসগৃহ অসম্পূৰ্ণ

ৰঙাপৰা, 10 ছেপ্তেম্বৰ: এবছৰে নিৰ্মাণ কাৰ্য আধৰুৱা হৈ পৰি থকা এটি চৰকাৰী গৃহ ৷ প্ৰধানমন্ত্ৰী আৱাস যোজনা(Pradhan Mantri Awas Yojna) আঁচনিৰ অধীনত নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হৈছিল এই চৰকাৰী বাসগৃহটো ৷ নিৰ্মাণৰ কাম আধৰুৱা হৈ থকা এই বাসগৃহটোৰ অপেক্ষা কৰি এখন টিনপাতৰ চালিৰ তলতে বাস কৰি আছে হিতাধিকাৰী আৰু তেওঁৰ পৰিয়ালে ৷

শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ ফুলগুৰি গাঁও পঞ্চায়তৰ আমতল গাঁৱত আছে এই আধৰুৱা গৃহটো ৷ শেহতীয়াকৈ ফুলগুৰি গাঁও পঞ্চায়তৰ বিৰুদ্ধে উত্থাপিত হৈছে দুৰ্নীতি-অনিয়মৰ অভিযোগ ৷ অভিযোগ অনুসৰি, পঞ্চায়তটোত ৰূপায়ণ হোৱা একাংশ চৰকাৰী আঁচনিৰ সমান্তৰালভাৱে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আঁচনিতো সংঘটিত হৈছে বিয়াগোম কেলেংকাৰী ৷

ৰঙাপৰাৰ চৰকাৰী বাসগৃহ অসম্পূৰ্ণ

লগতে পঢ়ক: ঘৰুৱা শিক্ষকৰ নিৰ্মম প্ৰহাৰত আঘাতপ্ৰাপ্ত ছাত্ৰ

বিগত প্ৰায় এটা বছৰ ধৰি আমতল গাঁৱৰ নিৱাসী আশা মাঝিৰ বাসগৃহটোৰ নিৰ্মাণ কাৰ্য আজি পৰ্যন্ত সম্পূৰ্ণ নহ’ল । আজিও অৰ্ধনিৰ্মিত অৱস্থাত পৰি ৰ’ল চৰকাৰী আৱাস গৃহটো । গৃহটো নিৰ্মাণৰত অৱস্থাতে ভাঙি পৰিছে বুলি হিতাধিকাৰীয়ে অভিযোগ তুলিছে । ফুলগুৰি গাঁও পঞ্চায়তৰ আমতল গাঁৱৰ ৱাৰ্ড সদস্য দ্বীপ দেই হিতাধিকাৰী আশা মাঝিৰ গৃহটোৰ নিৰ্মাণৰ ঠিকা লাভ কৰিছিল যদিও গৃহটোৰ কাম সম্পূৰ্ণ কৰিব নোৱাৰিলে ।

চৰকাৰী গৃহটো পথাৰৰ মাজত আধৰুৱা অৱস্থাত পৰি থকাৰ বাবে হিতাধিকাৰীৰ পৰিয়ালে এক প্ৰত্যাহ্বানৰ মাজেৰে থাকিবলগীয়া হৈছে ৷ দুৰ্নীতিৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ(Himanta Biswa Sarma) নেতৃত্বাধীন বিজেপি চৰকাৰে দুৰ্নীতিৰ ক্ষেত্ৰত যিমানেই কঠোৰ হৈছে, সিমানেই দৰিদ্ৰ হিতাধিকাৰীৰ নামত আৱণ্টিত হোৱা ধনক লৈ কৰা কেলেংকাৰীৰ তথ্য পোহৰলৈ আহিছে ।

ৰাইজৰ অভিযোগ অনুসৰি, দুৰ্নীতি সন্দৰ্ভত ৰঙাপৰা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াক অৱগত কৰা হৈছে যদিও তেওঁ চকু মুদা কুলিৰ ভাও ধৰি আহিছে । ৰঙাপৰা উন্নয়ন খণ্ডৰ কাৰ্যালয় আৰু গাঁও পঞ্চায়ত সমূহত চৰকাৰী আঁচনিসমূহ সঠিকভাৱে ৰূপায়ণ হৈছে নে নাই, সেয়া মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ দ্বাৰা তদন্ত কৰিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক: লোকসেৱা আয়োগৰ পৰীক্ষা অনুষ্ঠিত কৰা সন্দৰ্ভত চিৰাং জিলা প্ৰশাসনৰ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.