ETV Bharat / state

গণ মৰ্চাক দিশপুৰ দিলে সমূহীয়া পদত্যাগৰ ভাবুকি কংগ্ৰেছ কৰ্মীৰ

সংবাদমেলত তৃণমূল কৰ্মীসকলে কয় যে, বিগত তিনিটা কাৰ্যকাল দিশপুৰ সমষ্টিটো অগপৰ দখলত আছিল ৷ তাৰ পৰা প্রায় ৩০ টা বছৰ বহু কষ্টৰে দলটোৰ সাংগঠনিক দিশটো অকণ বৰাই মজবুত কৰি ৰাখিছে । তৰুণ গগৈৰ তিনিটা কাৰ্যকালত দিশপুৰ সমষ্টি কংগ্ৰেছৰ দখলত আছিল । যিহেতু গােটেই ভাৰতবৰ্ষতে প্রায়বোৰ কংগ্ৰেছৰ দুর্গ ২০১৪ চনত মােডী ঢৌৰ বাবে হাৰিবলগীয়া হৈছিল ৷

দিশপুৰ সমষ্টি গণ মৰ্চাক এৰি দিলে সমূহীয়া পদত্যাগ কৰিব কংগ্ৰেছ কৰ্মীয়ে

author img

By

Published : Mar 9, 2021, 6:50 PM IST

গুৱাহাটী,৯ মাৰ্চঃ কংগ্ৰেছ মিত্ৰজোঁটত লাগিছে মহাজঁট । এইবাৰ ৰাজ্যৰ ৰাজধানী সমষ্টিত সৃষ্টি হৈছে প্ৰাৰ্থিত্বকেন্দ্ৰীক সংঘাত। মঙলবাৰে দিশপুৰ প্ৰেছ ক্লাবত এক সংবাদমেল সম্বােধন কৰি ৫২ নং দিশপুৰ সমষ্টিৰ পাঁচটাকৈ ব্লক কংগ্ৰেছৰ সভাপতি আৰু বিষয়ববীয়াৰ লগতে সমন্বয়ৰক্ষী কমিটিৰ সভাপতিয়ে ক্ষোভ প্ৰকাশ কৰি কয় যে, ২০২১ ৰ সাধাৰণ নির্বাচনত কংগ্রেছ মহাজোঁটৰ অংশীদাৰ আঞ্চলিক গণ মৰ্চাৰ প্রার্থী মনজিৎ মহন্তক দিশপুৰ সমষ্টিটো এৰি দিয়াত অসন্তুষ্ট হৈ পৰে কংগ্ৰেছ কৰ্মীসকল ।

সংবাদমেলত তৃণমূল কৰ্মীসকলে কয় যে, বিগত তিনিটা কাৰ্যকালত দিশপুৰ সমষ্টিটো অগপৰ দখলত আছিল ৷ তাৰ পৰা প্রায় ৩০ টা বছৰ বহু কষ্টৰে দলটোৰ সাংগঠনিক দিশটো অকণ বৰাই মজবুত কৰি ৰাখিছে । তৰুণ গগৈৰ তিনিটা কাৰ্যকালত দিশপুৰ সমষ্টি কংগ্ৰেছৰ দখলত আছিল । যিহেতু গােটেই ভাৰতবৰ্ষতে প্রায়বোৰ কংগ্ৰেছৰ দুর্গ ২০১৪ চনত মােডী ঢৌৰ বাবে হাৰিবলগীয়া হৈছিল ৷ তাৰ পৰা ২০১৬ চনৰ সাধাৰণ নিৰ্বাচনত অসমৰ প্রায় বিলাক কংগ্রেছৰ নেতা হাৰিব লগাত পৰে ৷ লগতে দিশপুৰ সমষ্টিও হেৰুৱাই কংগ্ৰেছে ।

ইপিনে বিগত ৫ বছৰ বিজেপি চৰকাৰৰ দিনতো অকণ বৰাই পাঁচটা ব্লকৰ বিভিন্ন অঞ্চলত সাংগঠনিক ক্ষেত্রখন মজবুত কৰি ধৰি ৰাখিছে ৷ লগতে যথেষ্ট অর্থৰাে খৰচ বহন কৰিবলগা হৈছে । বর্তমান সমষ্টিটোত সকলো কর্মকর্তাৰ লগতে কংগ্রেছ শুভাকাংক্ষীসকলে গণভিত্তি নথকা এটা নতুন দলক সমষ্টিটো অৰ্পণ কৰাত ক্ষোভিত হৈ পৰিছে ।

দিশপুৰ সমষ্টি গণ মৰ্চাক এৰি দিলে সমূহীয়া পদত্যাগ কৰিব কংগ্ৰেছ কৰ্মীয়ে

আনহাতে, আগন্তুক সময়ত দলৰ কাৰ্যসূচীবােৰ দুৰ্বল হৈ সাংগঠনিক দিশটো ঠুনুকা হৈ পৰিব বুলি আশংকা প্ৰকাশ কৰি সংবাদমেলত তেওঁলোকে কয় যে, যদি গণ মৰ্চাক সমষ্টিটো এৰি দিয়া হয় তেন্তে দিশপুৰৰ দৰে সন্মানীয় বৃহৎ সমষ্টিটো কংগ্রেছ প্রায় শূণ্য হৈ পৰিব । সময় থাকোতেই দলীয় নেতৃত্বই বিষয়টো বিবেচনা কৰক অন্যথা সমষ্টিটোৰ পাঁচোটা ব্লকৰ কৰ্মীসকলে কংগ্ৰেছ দল ত্যাগ কৰাৰ সিদ্ধান্ত ল’ব ৷

আজিৰ সংবাদমেলত দিশপুৰ সমষ্টিৰ সভাপতি সোণ বৰা, পাঁচটাকৈ ব্লক কংগ্ৰেছৰ সভাপতি ক্ৰমে দিশপুৰৰ ডিম্বেশ্বৰ নাথ, বেলতলাৰ ৰঞ্জিৎ শইকীয়া, চন্দ্ৰপুৰৰ বিজু শৰ্মা, ডিমৰীয়াৰ ৰমেন দাসৰ লগতে বহুকেইগৰাকী নেতা উপস্থিত থাকে ।

লগতে পঢ়কঃ উজনি অসমত চল্লিশখন আসন লাভ কৰিব কংগ্ৰেছে : আব্দুল খালেক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.