ETV Bharat / state

Congress slams BJP: অসমত বিজেপিয়ে ব্ৰিটিছতকৈ অধিক কৰৰ বোজা জাপিলে : ড৹ জয় প্ৰকাশ দাস

author img

By

Published : Mar 31, 2023, 10:20 PM IST

বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হ’ল প্ৰদেশ কংগ্ৰেছৰ ৰাজ্যিক মুখপাত্ৰ ড৹ জয় প্ৰকাশ দাস ৷ ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰা প্ৰসংগক লৈ চৰকাৰক সমালোচনা কংগ্ৰেছৰ মুখপাত্ৰগৰাকীৰ ৷ ৰাইজৰ ওপৰত কৰৰ বোজা জাপি দিয়াকলৈয়ো প্ৰতিক্ৰিয়া প্ৰকাশ জয় প্ৰকাশ দাসৰ (Assam congress slams BJP) ৷

Congress slams BJP
Congress slams BJP
Congress slams BJP

তেজপুৰ, 31 মাৰ্চ : ব্ৰিটিছেও ইমান কৰ লগোৱা নাছিল, যিমান কৰ ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম তথা ভাৰতৰ ৰাইজৰ মাজত জাপি দিছে ৷ কৰৰ বোজা নতুনকৈ হোৱা নাই, 2014 চনৰ পৰা ক্ৰমান্বয়ে ৰাইজৰ মূৰত কৰ জাপি দি থকা হৈছে ৷ তেজপুৰৰ ৰাজীৱ ভৱনত এক সংবাদমেল সম্বোধন কৰি এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছৰ ৰাজ্যিক মুখপাত্ৰ ড৹ জয় প্ৰকাশ দাসৰ (Jai Prakash Das) ৷

বিজেপি চৰকাৰে ৰাহুল গান্ধীৰ বিৰুদ্ধে কৌশলগতভাৱে মানহানিৰ গোচৰ ৰুজু কৰি দুবছৰৰ বাবে কাৰাদণ্ড বিহাৰ লগতে সাংসদ পদ খাৰিজ কৰা বিষয়কলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ক্ষোভ প্ৰকাশ কৰে ড৹ জয় প্ৰকাশ দাসে ৷ সদনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আদানীৰ লগত গোপন সম্পৰ্ক থকাৰ বিষয়ে প্ৰশ্ন কৰাৰ বাবে সংসদত বক্তব্য প্ৰদানৰ পৰা বঞ্চিত কৰা হৈছে বুলি উল্লেখ কৰে কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে (Congress slams BJP) ৷

ড৹ জয় প্ৰকাশ দাসে লগতে কয়, ‘‘ৰাহুল গান্ধী ভাৰতৰ শ্বহীদ পৰিয়ালৰ সন্তান আৰু তেওঁৰ পৰিয়ালে দেশৰ বাবে ত্যাগ কৰি আহিছে ৷ 2009 চনত কংগ্ৰেছে দেশত জনাদেশ লাভ কৰাৰ পাচতো ৰাহুল গান্ধীয়ে দেশৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ নকৰিলে আৰু 2004 চনত তেওঁৰ মাতৃ ছোনিয়া গান্ধীয়েও প্ৰধানমন্ত্ৰীৰ দায়িত্ব পোৱাৰ পাচতো মনমোহন সিঙক প্ৰধানমন্ত্ৰীৰ পদৰ বাবে আগবঢ়াই দিয়ে (Disqualification of Rahul Gandhi) ।’’

ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰিলেও তেওঁক প্ৰশ্ন সোধাৰ পৰা বিৰত ৰাখিব নোৱাৰে বুলিও তেওঁ সংবাদমেলত উল্লেখ কৰে ৷ তেওঁ লগতে কয়, ‘‘সংসদত এনেধৰণৰ অভিযোগ উত্থাপিত হলে যুটীয়া সংসদীয় কমিটিক পৰ্যালোচনা কৰিবলৈ দিব লাগে , কিন্তু বৰ্তমান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে যুটীয়া সংসদীয় কমিটিৰ বিষয় এৰাই চলিব বিচৰাৰ অন্তৰালত আদানীৰ লগত ধনৰ লেন দেনৰ সম্পৰ্ক আছে (Modi Adani issue) ৷’’

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মোডীক দেশৰ ঠেলা চালক, ৰিক্সা চালকে চৰিয়াব লাগে বুলি কোৱাৰ পাচতো হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত কিয় ব্যৱস্থা গ্ৰহণ কৰা নহ’ল বুলি প্ৰশ্ন উত্থাপন কৰে ড৹ জয় প্ৰকাশ দাসে ৷ অসম চৰকাৰে ব্যাপক হাৰত ঋণ লৈ জনসাধৰণৰ মূৰত কৰৰ বোজা জাপি দিয়া বুলিও তেওঁ উল্লেখ কৰে (Assam govt in debt) ৷ শুকুৰবাৰৰ সংবাদমেলত কেইবাগৰাকীও কংগ্ৰেছৰ জ্যেষ্ঠ নেতা উপস্থিত থাকে ৷

লগতে পঢ়ক: NHAI Toll Tax : পহিলা এপ্ৰিলৰ পৰা টোল কৰৰ মাধমাৰ ৰাজ্যবাসীৰ ওপৰত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.