ETV Bharat / state

গুণোৎসৱ পালনেৰে শিক্ষাৰ মানদণ্ড উন্নত কৰাত ব্যৰ্থ শিক্ষা মন্ত্ৰী : প্ৰদেশ কংগ্ৰেছ - ৰণোজ পেগুক সমালোচনা দাদুল বৰকাকতিৰ

ৰণোজ পেগুক এশ শতাংশ ব্যৰ্থ শিক্ষামন্ত্ৰী - ডাঃ ৰণোজ পেগুক সমালোচনা কৰি এইদৰে প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ দাদুল বৰকাকতিয়ে কৰিলে সমালোচনা (Congress leader criticize Ranoj Pegu) ৷

Congress spokesperson Dadul Borkakoti criticize on Education minister Ranoj Pegu at Tezpur
গুণোৎসৱ পালনৰে শিক্ষাৰ মানদণ্ড উন্নত কৰাত ব্যৰ্থ শিক্ষা মন্ত্ৰী : প্ৰদেশ কংগ্ৰেছ
author img

By

Published : Jun 6, 2022, 9:49 PM IST

তেজপুৰ, ৬ জুন: গুণোৎসৱৰ নামত ৰাজহুৱা টকাৰ অপচয় । শিক্ষক বিহীনভাৱে আৰু এজনীয়া শিক্ষকৰে আন্তঃগাঁথনিৰ অবিহনেই গুণোৎসৱ পতা অৰ্থহীন বুলি তেজপুৰত এক সংবাদমেলত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুক সমালোচনা কৰিলে প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ দাদুল বৰকাকতিয়ে (Dadul Borkakoti criticize on Ranoj Pegu) ।

মন্ত্ৰীগৰাকীৰ নিজা মহকুমা ধেমাজিতে 17 খন বিদ্যালয় শিক্ষকবিহীনভাৱে চলি আছে বুলি উল্লেখ কৰি ৰণোজ পেগুক এশ শতাংশ ব্যৰ্থ শিক্ষামন্ত্ৰী বুলি অভিহিত কৰে কংগ্ৰেছৰ মুখপাত্ৰ গৰাকীয়ে ।

গুণোৎসৱ পালনৰে শিক্ষাৰ মানদণ্ড উন্নত কৰাত ব্যৰ্থ শিক্ষা মন্ত্ৰী : প্ৰদেশ কংগ্ৰেছ

প্ৰদেশ কংগ্ৰেছৰ নৱ নিযুক্ত মুখপাত্ৰ বৰকাকটিয়ে দায়িত্বভাৰ গ্ৰহণ কৰি সোমবাৰে তেজপুৰ জিলা কংগ্ৰেছৰ কাৰ্য্যালয়ত সংবাদ মাধ্যমৰ আগত কয় যে তেওঁলোকে গুণোৎসৱৰ (Gunotsav 2022) বিৰোধিতা কৰা নাই; কিন্তু 2017 চনতে চৰকাৰে আৰম্ভ কৰা এই ব্যৱস্থাৰ জৰিয়তে চৰকাৰী বিদ্যালয়ৰ আন্তঃ গাঁথনি যি দৰে টনকিয়াল কৰিব লাগিছিল সেয়া সম্পূৰ্ণ ৰূপে ব্যৰ্থ হৈছে ।

নতুন শিক্ষা নীতিৰ আধাৰত শৈক্ষিক পৰিৱেশ গঢ়ি তোলাৰ বাবে চৰকাৰে কোনো ধৰণৰ চেষ্টা কৰা নাই বুলি মন্তব্য কৰে কংগ্ৰেছৰ মুখপাত্ৰ গৰাকীয়ে ৷ ফলস্বৰূপে বহু বিদ্যালয়ত শিক্ষকৰ নাটনিৰ ফলত ছাত্ৰ ছাত্ৰীয়ে অসুবিধাৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে আৰু ছাত্ৰ-ছাত্ৰীৰ অভাৱ পূৰণ কৰিবলৈ শিক্ষা বিভাগে চেষ্টা কৰা নাই বুলি উল্লেখ কৰে কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে ।

লগতে পঢ়ক : কোন প্ৰবীণ বড়ো ? ওলোটাই হাগ্ৰামাৰ প্ৰশ্ন

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.