ETV Bharat / state

Financial scam in Urban Bank: তেজপুৰৰ মহাভৈৰৱ কো-অপাৰেটিভ আৰবান বেংকত তলা

author img

By ETV Bharat Assamese Team

Published : Oct 18, 2023, 10:56 PM IST

বিত্তীয় কেলেংকাৰীৰ অভিযোগত তলা ওলমিল তেজপুৰৰ মহাভৈৰৱ কো-অপাৰেটিভ আৰবান বেংকত । বিপদত বহু গ্ৰাহক । ৪৫ দিনলৈ সকলো ধৰণৰ লেনদেন বন্ধৰ নিৰ্দেশ দিয়াৰ পাছতে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে সাধাৰণ গ্ৰাহকসকল ৷

Co-operative Urban Bank accused of financial scam
তেজপুৰৰ মহাভৈৰৱ কো-অপাৰেটিভ আৰবান বেংকত তলা

তেজপুৰ,১৮অক্টোবৰ: বিত্তীয় কেলেংকাৰীৰ অভিযোগত ৰিজাৰ্ভ বেংকে তেজপুৰৰ মহাভৈৰৱ কো-অপাৰেটিভ আৰবান বেংকক ৪৫ দিনলৈ সকলো ধৰণৰ লেনদেন বন্ধৰ নিৰ্দেশ দিয়াৰ পাছতে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে সাধাৰণ গ্ৰাহকসকল ৷ আনকি এনে গ্ৰাহকৰ ভিতৰত একোজন গ্ৰাহক আছে যাৰ ঘৰত এই সময়চোৱাত বিভিন্ন মাংগলিক অনুষ্ঠান যেনে বিবাহ আদিৰ দৰে অনুষ্ঠান পূৰ্বতে নিশ্চিত কৰা হৈ আছিল আৰু তেওঁলোকে এই বেংকৰ জৰিয়তে জমা ৰখা ধনৰ ওপৰতেই আশা ভৰসা কৰিছিল ৷

কিন্তু বৰ্তমান বেংকটোত সংঘটিত হোৱা কেলেংকাৰীৰ বাবেই চৰম বিপৰ্যয় নামি আহিছে উক্ত পৰিয়ালসমূহলৈ ৷ উল্লেখযোগ্য যে প্ৰায় পাঁচশতাধিক ক্ষুদ্ৰ ব্যৱসায়ীয়ে এই বেংকটোত কষ্টোপাৰ্জিত ধন জমা কৰিছিল বুলি জানিবপৰা গৈছে ৷ বৰ্তমান এই বিষয়ক লৈ সকলো শংকিত হৈ পৰা পৰিলক্ষিত হৈছে ৷ জানিব পৰা মতে একাংশ ঋণ লওঁতাই ধন ঘূৰাই নিদিয়াৰ বাবেই মহাভৈৰৱ কো-অপাৰেটিভ আৰবান বেংক লিমিটেডৰ এই দশা হোৱা বুলি বেংক কৰ্তৃপক্ষৰ একাংশই ব্যাপক প্ৰচাৰ চলালেও প্ৰকৃততে এই ঋণ আদায় দিবলগীয়াসকলৰ তালিকাখন পৰীক্ষা কৰিলেই ওলাই পৰিব বেংকটোত সংঘটিত বিত্তীয় কেলেংকাৰীৰ প্ৰকৃত স্বৰূপ ৷

মোবাইল বেংকিঙৰে বৃহৎ কেলেংকাৰিটো সংঘটিত কৰা বেংকটোৰ এজন কৰ্মচাৰী সম্প্ৰতি পলাতক অৱস্থাত আছে আৰু এই কৰ্মচাৰীজনে বেংকটোৰে জড়িত একাংশক দিয়া এখন তালিকাত বেংকটোৰে একাংশ কৰ্মচাৰীয়ে লোৱা ঋণৰ পৰিমাণ উল্লেখ আছে ৷ আনকি এই বেংকটোৰে কৰ্মচাৰীয়ে ঋণত ক্ৰয় কৰা বাহনৰ ঋণৰ কিস্তি আনকি তেওঁলোকৰ নিজা একাউন্টৰ পৰিৱৰ্তে মহাভৈৰৱ কো-অপাৰেটিভ আৰবান বেংক লিমিটেডৰ পৰাহে আদায় দিছিল বুলিও অভিযোগ উত্থাপন হৈছে ৷

এনে লোকে ৬০ লাখ পৰ্যন্ত টকাৰ ঋণ লৈ বেংকটোক ওভতাই দিয়া নাই বুলিও জানিবপৰা গৈছে ৷ তদুপৰি,সামান্য পৰিমাণৰ বেতন লাভ কৰা বেংকটোৰ কৰ্মচাৰীয়ে তেজপুৰৰ চহৰৰ আৱাসিক এলেকাত কম সময়ৰ ভিতৰতে অগাধ সম্পত্তিৰ গৰাকী হৈ পৰিছে বুলিও অভিযোগ উত্থাপন হৈছে ৷ এনে কৰ্মচাৰীক জেৰা কৰিলেই দীৰ্ঘদিন ধৰি অব্যাহত থকা কোটি কোটি টকাৰ এই কেলেংকাৰী ফাদিল হোৱাটো নিশ্চিত ৷ সম্প্ৰতি তলা ওলমি থকা বেংকটোত ধন জমা থৈ বিপদত পৰা বহু গ্ৰাহকে শাৰদীয় দুৰ্গোৎসৱ অতিবাহিত হোৱাৰ বাবে অপেক্ষা কৰিছে যদিও ইয়াৰ পাছতেই তেওঁলোকৰ প্ৰাপ্য বিচাৰি ৰাজপথলৈ ওলাই আহিব বুলিও জানিব পৰা গৈছে ৷

লগতে পঢ়ক: Assam CM slams Raga: ৰাহুল গান্ধীৰ দৰে ‘ঘাটিয়া’ নেতা ক’তো দেখা নাই: হিমন্ত বিশ্ব শৰ্মা

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.