তেজপুৰ,24 ফেব্ৰুৱাৰী: সমাগত অসম বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি শাসক দল বিজেপিয়ে আৰম্ভ কৰিছে পৰিয়াল সম্পৰ্ক কাৰ্যসূচী ৷ সমগ্ৰ ৰাজ্যজুৰি আৰম্ভ হোৱা এই অভিযানৰ অংশ হিচাপে জামুগুৰিহাটতো ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পৰিয়াল সম্পৰ্ক কাৰ্যসূচী আৰম্ভ কৰে ৷ দলৰ এই পৰিয়াল সম্পৰ্ক কাৰ্যসূচীৰ জৰিয়তে মুখ্যমন্ত্ৰীগৰাকীয়ে মঙলবাৰে চতিয়া সমষ্টিৰ দুটা পৰিয়ালৰ সৈতে আলোচনা কৰে ৷
শোণিতপুৰ জিলাৰ 75 নং চতিয়া বিধানসভা সমষ্টিৰ জামুগুৰিহাটত এক অনুষ্ঠানত অংশ লোৱাৰ পূৰ্বে মুখ্যমন্ত্ৰী গৰাকীয়ে পৰিয়াল দুটাক সাক্ষাৎ কৰে ৷ বিগত সময়ছোৱাত বিজেপি চৰকাৰে হাতত লোৱা উন্নয়নমূলক কামৰ খতিয়ানৰ এক তালিকা পৰিয়াল দুটাক প্ৰদান কৰে ৷
উল্লেখ্য যে, বিজেপিয়ে সোমবাৰৰ পৰা এই বিশেষ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিছে ৷ জামুগুৰিহাটৰ বিশিষ্ট শিক্ষাবিদ, লেখক, সাহিত্যিক ভৱেন বৰুৱাৰ ঘৰত উপস্থিত থকাৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে তেজপুৰ সংসদীয় সমষ্টিৰ সাংসদ পল্লৱ লোচন দাস, চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা উপস্থিত থাকে ৷ শিক্ষাবিদ বৰাই পদ্ম হাজৰিকাই কন্যকা ফাৰ্মৰ জৰিয়তে স্থানীয় লোকক সা-সুবিধা প্ৰদান কৰাৰ কথা অৱগত কৰাৰ লগতে বাৰেচহৰীয়া ভাওনাথলীৰ বাবে এক স্থায়ী অঞ্চল প্ৰদান কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় ৷
লগতে পঢ়ক: বিজেপি চৰকাৰ মিছলীয়া চৰকাৰ: লুৰিণজোতি গগৈ