ETV Bharat / state

নাৰী শক্তি সমাজৰ শ্ৰেষ্ঠ শক্তি : মুখ্যমন্ত্ৰী সোণোৱাল - বিশাল মহিলা সমাৰোহত অংশগ্ৰহণ মুখ্যমন্ত্ৰী সোণোৱালৰ

দিনযোৰা কাৰ্যসূচীৰে চতিয়া সমষ্টিৰ জামুগুৰিহাটত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ এক বিশাল মহিলা সমাৰোহত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে নাৰী শক্তি সম্পৰ্কত মন্তব্য কৰে ৷

আজি দিনযোৰা কাৰ্যসূচীৰে জামুগুৰিহাটত মুখ্যমন্ত্ৰী সোণোৱাল

author img

By

Published : Feb 23, 2021, 8:21 PM IST

চতিয়া,23 ফেব্ৰুৱাৰী : মঙলবাৰে দিনযোৰা কাৰ্যসূচীৰে চতিয়া সমষ্টিৰ জামুগুৰিহাটত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ প্ৰথমে ভৰলীপৰীয়া কন্যকা বহুমূখী পামৰ দুগ্ধ পাম পৰিদৰ্শন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ ইয়াৰ পাচতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অসম ৰাজ্যিক গ্ৰামীন জীৱিকা অভিযানৰ উদ্যোগত জামুগুৰিহাটৰ পৰিদৰ্শন বাংলা চৌহদত অনুষ্ঠিত হোৱা এক বিশাল মহিলা সমাৰোহত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী সোণোৱালে ৷ জীৱিকা সখীক একোখনকৈ স্কুটি প্ৰদান কৰাৰ লগতে জিলাখনৰ বহুকেইটা গোটক চেক প্ৰদান কৰে তেওঁ ৷

জামুগুৰিহাটত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

সমাৰোহত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নাৰী শক্তিক উদ্দেশ্যি নিজৰ ভাষণ প্ৰসংগত কয় যে, বিজেপি নেতৃত্বাধীন চৰকাৰখনে অসমৰ মহিলা সকললৈ আগবঢ়োৱা বিভিন্ন আঁচনিৰ দ্বাৰা অসমৰ অৰ্থনৈতিক দিশ যথেষ্ট টনকিয়াল হোৱা পৰিলক্ষিত হৈছে ৷ নাৰী শক্তিক সমাজৰ শ্ৰেষ্ঠ শক্তি বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে সমাজৰ উন্নয়নৰ বাবে মহিলাসকলক আগবাঢ়ি আহিবলৈ আহ্বান জনায় ৷ ইপিনে চতিয়া সমষ্টিৰ দীঘলী চাপৰিত নিৰ্মান হ'বলগীয়া এখন উদ্যোগিক উদ্যানৰ লগতে হাজাৰীমলত হ'বলগীয়া ITI কলেজ নিৰ্মান কাৰ্যৰ শুভাৰম্ভণী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

জীৱিকা সখীক স্কুটি প্ৰদান মুখ্যমন্ত্ৰী সোণোৱালৰ

ইয়াৰ পাচতে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ একক প্ৰচেষ্টাত গঢ় লৈ উঠা কন্যকা বহুমুখী পামৰ অন্তৰ্গত দুগ্ধ উদ্যোগ তথা প্ৰায় 1 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মান কৰি উলিওৱা দৈ-ক্ৰীম আদি প্ৰস্তুত কৰা অত্যাধুনিক যন্ত্ৰ সমূহৰ উদ্যোগটোৰ শুভাৰম্ভণী কৰে মুখ্যমন্ত্ৰী সোণোৱালে ৷ ইফালে আলফা স্বাধীনৰ দ্বাৰা অপহৃত কুইপ'ৰ দুই বিষয়াক শীঘ্ৰে মুক্তি কৰি দিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

ইয়াৰ পাচতে তেওঁ জামুগুৰিহাটৰ পাঞ্চজন্য ক্ষেত্ৰত উপস্থিত হৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সমাজ অসমৰ দ্বাৰা আয়োজিত ৰাজ্যিক যুৱ আৰু শোণিতপুৰ জিলা আইমাতৃ সমাৰোহৰ মুখ্য অতিথিৰ আসন অলংকৃত কৰি বক্তব্য প্ৰদান কৰে ।

লগতে পঢ়ক : বিহপুৰীয়াত এজেপিৰ বাইক ৰেলীত অংশগ্ৰহণ লুৰীণজ্যোতি গগৈৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.