তেজপুৰ, ২৫ এপ্ৰিল : দেওবাৰে নিশা 9:30 বজাত শোণিতপুৰ জিলা উপায়ুক্তৰ সভাকক্ষত শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ বিষয়া কৰ্মচাৰীৰ সকলৰ সৈতে মিলিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ মূলতঃ শেহতীয়া ক’ভিড -19 পৰিস্থিতি সন্দৰ্ভত জৰুৰীভাৱে আয়োজন কৰা হয় এই বৈঠকৰ । উল্লেখযোগ্য যে, ভাৰতীয় সেনাৰ তেজপুৰ চতুৰ্থ কৰ্পছৰ বিষয়াসকলৰ লগতে জিলা দুখনৰ প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ বিষয়া সকল উপস্থিত থাকে এই বৈঠকত ।
লগতে পঢ়ক : কৰ’ণাৰ লগতে সামগ্ৰীৰ চৰা দামে জলা-কলা খুৱাইছে ৰাইজক