ETV Bharat / state

জলবিদ্যুৎ প্ৰকল্প সন্দৰ্ভত স্থিতি সলনি নকৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

author img

By

Published : Dec 5, 2021, 10:31 PM IST

তেজপুৰত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে বিজেপিৰ মহিলা মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক(State executive of Mahila Morcha) ৰ অন্তিম দিনাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয়, পৌৰসভাৰ নিৰ্বাচনত মহিলাৰ বাবে ৫০% আসন দিয়া হ'ব । ইফালে, জলবিদ্যুৎ প্ৰকল্পৰ বিষয়ে তেওঁৰ স্থিতি পূৰ্বতে স্পষ্ট কৰি থোৱা কথা ক'লে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

state executive of Mahila Morcha
মহিলা মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ অন্তিম দিনাৰ কাৰ্যসূচী

তেজপুৰ, ৫ ডিচেম্বৰ : বৃহৎ নদী বান্ধৰ বাবে প্ৰতিবাদত পুনৰ জাঙুৰ খাই উঠিছে সমগ্ৰ ৰাজ্যবাসী । আগন্তুক আগষ্ট মাহৰ ভিতৰতে আৰম্ভ হ'ব নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিদ্যুৎ উৎপাদন(Subansiri hydroelectric power project) । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে তেজপুৰত সাংবাদিকৰ আগত কয় যে, জলবিদ্যুৎ প্ৰকল্পৰ বিষয়ে তেওঁৰ স্থিতি পূৰ্বতে স্পষ্ট কৰি থৈছে ।

জলবিদ্যুৎ প্ৰকল্পৰ প্ৰয়োজনীয়তা ওপৰত পূৰ্বে লেখা প্ৰকাশ কৰা কথা সদৰী কৰি পুনৰ এই বিষয়ে কোৱাৰ প্ৰয়োজন নাই কয় মুখ্যমুন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ ইফালে, শোণিতপুৰৰ জিলাৰ জিয়াভৰলী নদীৰ খনন কাৰ্য কৰিবলৈ ইতিমধ্যে চৰকাৰে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে । তেওঁ কয় যে, অকল জিয়াভৰলী নদীয়েই নহয় ৰাজ্যৰ আৰু কেইবাখনো ব্ৰহ্মপুত্ৰ উপনদীৰ খনন কাৰ্যৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে ৷

লগতে পঢ়ক : Tension grips Nagaland : উত্তপ্ত পৰিস্থিতি নগালেণ্ডৰ মন জিলাত

উল্লেখ্য যে, তেজপুৰত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে বিজেপিৰ মহিলা মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক(State executive of Mahila Morcha) ৷ দ্বিতীয় দিনাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ভাষণ প্ৰসংগত কয় যে, পৌৰসভাৰ নিৰ্বাচন(Municipal Elections 2020)ত মহিলাৰ বাবে ৫০% আসন দিয়া হ'ব ।

বিজেপিৰ মহিলা মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক অন্তিম দিনাৰ সভাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে মৰ্চাৰ ৰাষ্ট্ৰীয় সম্পাদিকা সাংসদ ইন্দুবালা গোস্বামী, মন্ত্ৰী অজন্তা নেওগ আৰু ৰাজ্যিক সভাপতি ভৱেশ কলিতা আদি উপস্থিত থাকে ৷

লগতে পঢ়ক : Massive Fire at a dairy farm : অগ্নিদগ্ধ হৈ মৃত্যু 7 জনী গাইৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.