ETV Bharat / state

চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত তেজপুৰত CITU-ৰ প্ৰতিবাদ

author img

By

Published : Nov 9, 2021, 4:17 PM IST

দীৰ্ঘদিন ধৰি ৰাজ্যৰ চাহ শ্ৰমিকসকল ভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত । সমস্যা সমাধানৰ দাবীত চাহ শ্ৰমিকসকলে বিভিন্ন সময়ত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে যদিও আজিলৈ তেওঁলোকৰ সমস্যা সমাধানত ব্যৰ্থ চৰকাৰ ।

Tezpur
চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত তেজপুৰত CITUৰ প্ৰতিবাদ

তেজপুৰ, ৯ নৱেম্বৰ : অসমৰ চাহ শ্ৰমিকসকলে (Tea Worker) বিভিন্ন সময়ত প্ৰতিবাদ কৰা দেখা যায় । তেওঁলোকে বিভিন্ন ধৰণৰ সমস্যা সমাধানৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে । কিন্তু লক্ষণীয়ভাৱে শ্ৰমিকসকলৰ বহু সমস্যা আজিলৈ সমাধান হোৱা নাই । বিশেষকৈ চাহ শ্ৰমিকসকলৰ প্ৰধান সমস্যা হৈছে পৰ্যাপ্ত মজুৰি প্ৰদানৰ সমস্যা ।

Tea worker

বছৰ বছৰ ধৰি নূন্যতম মজুৰি প্ৰদানৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে যদিও চাহ শ্ৰমিকসকলে আজি পৰ্যন্ত লাভ নকৰিলে তেওঁলোকে বিচৰা মজুৰি । যাৰ বাবে এইবাৰ পুনৰ শোণিতপুৰ জিলাৰ তেজপুৰত চি আই টি ইউ (CITU)ৰ উদ্যোগত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় । তেজপুৰ শ্ৰম আয়ুক্তৰ কাৰ্যালয়ৰ (Labour Commissioner Office) সন্মুখত সংগঠনটোৱে চাহ শ্ৰমিকৰ ন্যায্য প্ৰাপ্তিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ।

তেওঁলোকে লগতে নূন্যতম মজুৰিৰ বাবে চৰকাৰী জাননী শীঘ্ৰেই প্ৰকাশৰ দাবী জনায় । লগতে ড০ এক্ৰয়েড ফৰমূলা অনুসৰি চাহ শ্ৰমিকৰ মজুৰি ২১ হাজাৰ টকালৈ বৃদ্ধিৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে । ইয়াৰ উপৰিও নিৰ্মাণ শ্ৰমিক কল্যাণ (Construction Labour Welfare) শিতানৰ ধন আন শিতানত খৰচৰ চেষ্টা নকৰি শীঘ্ৰেই শ্ৰমিকসকলৰ বাবে মুকলি কৰি দিবলৈ আহ্বান জনায় প্ৰতিবাদকাৰীসকলে ৷ যদিহে ইয়াৰ পাছতো চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেনহ'লে আইন অমান্য আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে চাহ উদ্যোগসমূহো অচল কৰি দিয়াৰ হুংকাৰ দিয়ে সংগঠনটোৱে ৷

লগতে পঢ়ক :নলবাৰী জিলা পৰিবহণ বিভাগৰ কাৰ্যালয়ত কৰ্মচাৰীৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.